খঙীয়া মণ্ডল আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণৰ সামৰণি
যোৰহাটঃ যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণৰ ১৪ মাৰ্চ,২০২৩ তাৰিখে টেকেলা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত সফল সামৰণি ঘটে। যোৱা ১০ মাৰ্চৰ পৰা হোৱা প্ৰশিক্ষণত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰাৰ লগতে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত বহলভাবে আলোচনা কৰা হয় । প্ৰশিক্ষণত নিপুন অসমৰ সংকল্প, সন্মানীয় শিক্ষামন্ত্ৰীৰ বাৰ্তা ইত্যাদি বিষয়সমূহ দৃশ্য-শৱ্য সঁজুলিৰ সহায়ত প্ৰদৰ্শন কৰা হয়। সাংখ্যিক ধাৰণা আৰু ভাষাজ্ঞানৰ আমোদজনক আৰু আনন্দদায়ক শিক্ষাদানৰ ওপৰত প্ৰশিক্ষণত গুৰুত্ব প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অন্তিম দিনা ” কুঁহি ” নামৰ হাতেলিখা আলোচনী এখন প্ৰকাশ কৰা হয়। হাতেলিখা আলোচনীখন উন্মোচন কৰে জ্যেষ্ঠ শিক্ষক ৰঞ্জিত কাকতি দেৱে। সমল ব্যক্তি হিচাপে মানসী দত্ত বৰুৱা, পূৰবী বৰা চেতিয়া, প্ৰানজিৎ কুমাৰ বৰা আৰু পংকজ দাস উপস্থিত থাকো ।
প্ৰশিক্ষণৰ অন্তত শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত এটি মনোৰঞ্জনমূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । প্ৰথম দিনা অনলাইনৰ যোগেদি শিক্ষক সকলৰ মাজত অয়োজন কৰা কুইজ প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক সন্মানিত কৰা হয়। উক্ত চাৰিদিনীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ পৰ্যবেক্ষক হিচাপে খঙীয়া মণ্ডল আৰু চাংছোৱা মণ্ডল কেন্দ্ৰৰ সমন্বয়ক ত্ৰৈলোক্য দাস উপস্থিত থাকে।