ফাগুন
সীমা ৰবিদাস
ফাগুন ফাগুন ফাগুন!
ফাগুন মানেই সৰাপাতৰ নাচোন।
ফাগুন মানেই প্ৰেমৰ খবৰ,
শিমলু, পলাশ, মদাৰ ফুলাৰ বতৰ।
ফাগুন বাউলী, ফাগুন চঞ্চলা,
ফাগুনত কবিৰ মন উতলা।
কোনে কয় ফাগুন নিৰস,
ফাগুন মানেইতো ফাকুৰ ৰস।
ফাগুনৰ ধুলীত উপজে কবিৰ কবিতা,
মলয়াই থৈ যায় এজাক ধূসৰ বজিতা।
সানি থৈ যায় হিয়াত সেন্দুৰীয়া আৱেশ,
ফাগুনত উন্মনা চৌপাশৰ পৰিৱেশ।
ফাগুন মানে নহয় শুকানৰ বিননি,
এয়া বসন্তৰ আগজাননী।।
ঠিকনা:বিশ্বনাথ চাৰিআলি