ফাগুন
উত্তৰা শইকীয়া
টক টক টক….
কোন?
ফাগুন।
কি লাগে?
হেৰুৱা সপোন আৰু ভালপোৱা।
ভগ্ন হৃদয়ত?
তাতেইটো থাকে কুৰুকি কুৰুকি
সামৰি থোৱা আলফুলীয়া সঁচা মৰম আৰু ঠেচি ঠেচি
দমাই থোৱা মৰমৰ অভিমানবোৰ।
ফাগুনে দিয়া বিষাদবোৰ?
ফাগুনে দেখোন উন্মনা কৰে হৃদয়
মলয়াই স্পৰ্শ কৰে মিঠা ভালপোৱাৰ অনুভৱ,
পাহৰণিৰ গহ্বৰত ডুব যায় বিৰহ বেদনাবোৰ ।
সোমাই আহা….
নতুন আবিৰে চৌপাশ জীপাল কৰি
সুখৰ হাঁহিৰ আৱৰণ পিন্ধি মই আকৌ
তোমাৰ হৃদয়ত ফাগুন ।
ঠিকনা: বৰএৰা,তিতাবৰ ।