বৰহোলাৰ মুক্তিনগৰত বৰ মৌৰ সন্ত্ৰাস
মানুহ, পশুধনক কৰিছে আক্ৰমণ,আতংকত ৰাইজ
বন বিভাগক ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰাইজৰ
সঞ্জয় ৰবিদাস,নগাবাট,১১ ফেব্ৰুৱাৰী:
বৰহোলা মৌজাৰ বেকাজান গাওঁ পঞ্চায়তৰ অধীনস্থ মুক্তিনগৰ গাঁৱত এঘৰ মানুহৰ আমগছত থিতাপি লোৱা এজাক বৰ মৌৱে গাঁও খনৰ মানুহ আৰু পশু-পক্ষীক আক্ৰমণ কৰি আহিছে ।বৰ্তমানলৈকে মৌৰ আক্ৰমণত মানুহ চিকিৎসাধীন হোৱাৰ লগতে গৰু,ছাগলী, গাহৰি ইত্যাদি মৃত্যুমুখত পৰিছে । গছত বাহ লৈ থকা বৰ মৌৰ জাকটোৰ বাবে অঞ্চলটোত সম্প্ৰতি আতংকৰ সৃষ্টি হৈছে । শিশু, স্কুলীয়া ছাত্র-ছাত্ৰীৰ বাবে বিপজ্জনক হিচাপে পৰিগণিত হৈছে মৌ বাহটো ।বনৰীয়া চৰাই-চিৰিকটিয়ে মৌচাকত খুঁটিয়ালে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে বৰ মৌৰ জাকটোৱে ।ফলত মানুহ, গৰু,ছাগলী যাকে পাই তাকে দংশন কৰে মৌজাকে । মৌজাকৰ আক্ৰমণত গৰু,ছাগলী, গাহৰিৰ মৃত্যু হোৱাত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে গাঁওখনৰ ৰাইজ । ভুক্তভোগী ৰাইজে মৌ জাকক খেদি পঠিওৱাৰ বাবে তিতাবৰ সংমণ্ডল বন বিভাগক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।