দাপোণ জীৱনৰ
  • সম্পাদকীয়
  • কথাশিল্প
    • বিশেষ নিৱন্ধ
    • প্ৰবন্ধ
    • গ্ৰন্থবাৰ্তা
  • গদ্যশিল্প
    • গল্প
    • ধাৰাবাহিক ৰচনা
    • ৰম্য ৰচনা
    • নানাৰঙী
    • জিলিঙনি
  • ছন্দশিল্প
    • কবিতা
    • কথা-কবিতা
    • ৰম্য পদ্য
  • অনুবাদ
  • দৃশ্য-শ্ৰাব্য
  • সাক্ষাৎকাৰ
  • ভাল খবৰ
  • সাম্প্ৰতিকী
  • স্বাস্থ্য
  • অধিক
    • উত্তৰ-পূব
    • ক্রীড়া-জগত
    • দেশ বিদেশ
    • ছবি-আলোছবি
    • দাপোণ জীৱনৰ
No Result
View All Result
  • সম্পাদকীয়
  • কথাশিল্প
    • বিশেষ নিৱন্ধ
    • প্ৰবন্ধ
    • গ্ৰন্থবাৰ্তা
  • গদ্যশিল্প
    • গল্প
    • ধাৰাবাহিক ৰচনা
    • ৰম্য ৰচনা
    • নানাৰঙী
    • জিলিঙনি
  • ছন্দশিল্প
    • কবিতা
    • কথা-কবিতা
    • ৰম্য পদ্য
  • অনুবাদ
  • দৃশ্য-শ্ৰাব্য
  • সাক্ষাৎকাৰ
  • ভাল খবৰ
  • সাম্প্ৰতিকী
  • স্বাস্থ্য
  • অধিক
    • উত্তৰ-পূব
    • ক্রীড়া-জগত
    • দেশ বিদেশ
    • ছবি-আলোছবি
    • দাপোণ জীৱনৰ
No Result
View All Result
দাপোণ জীৱনৰ
No Result
View All Result
Home অসম

অগ্ৰণী মহিলা সমাজ সেৱিকা নৱনীতা বৰুৱা দত্ত

dapunwebdesk by dapunwebdesk
9th February 2023
in অসম
0
অগ্ৰণী মহিলা সমাজ সেৱিকা নৱনীতা বৰুৱা দত্ত
12
SHARES
145
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটৰ দৈগ্ৰোং অঞ্চলৰ  অগ্ৰণী মহিলা সমাজ সেৱিকা নৱনীতা বৰুৱা দত্ত

সঞ্জয় ৰবিদাস

 সমাজত সমাজকৰ্মী দুইধৰণৰ দেখা পোৱা যায়। এচাম মিছাৰ আশ্ৰয়লৈ ঠগ বাজিৰে নিজকে জাহিৰ কৰি ফুৰা সমাজকৰ্মী এচাম আকৌ অন্তৰ আত্মাৰে দেহে কেহে সমাজৰ হকে খাতি প্ৰচাৰ বিমুখ হৈ থকা সমাজকৰ্মী। প্ৰকৃত সমাজ সেৱকে আত্মপ্ৰচাৰ নিবিচাৰে, সমাজৰ উন্নতিৰ দিশত কাম কৰাই তেওঁলোকৰ উদ্দেশ্য। কিন্তু তেওঁলোকৰ বিষয়ে লেখক,সাংবাদিকসকলে একলম লিখিলে তেওঁলোকক কৰ্মক্ষেত্ৰত অধিক প্ৰেৰণা দিয়াৰ দৰে হয় । তেনে এগৰাকী প্ৰচাৰ বিমুখ অগ্ৰণী মহিলা সমাজ সেৱিকা হৈছে- নৱনীতা বৰুৱা দত্ত। গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তৰ্গত হাবিগাঁৱত ১৯৮৬ চনত জন্মগ্ৰহণ কৰি, তেখেতে হাবিগাঁও প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত অৱস্থাত হাবিগাঁও আলোক মইনা পাৰিজাতৰ সৈতে জড়িত হৈ গীত মাতৰ শিক্ষা গ্ৰহণ কৰিছিল। মৰঙি দীননাথ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা সময়ত মৰঙিৰ শংকৰি কলাকৃষ্টিৰ সাধক, তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক প্ৰয়াত বিষ্ণুৰাম শইকীয়া ছাৰৰ ওচৰত ধৰ্মীয় আধ্যাত্মিক শিক্ষা গ্ৰহণ কৰে। মহাবিদ্যালয়ৰ শিক্ষা সাং কৰি ২০০৭ চনৰ ৭মাৰ্চত একে মৌজাৰ অন্তৰ্গত দৈগ্ৰোং অঞ্চলৰ শিক্ষক প্ৰশান্ত দত্তৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।

স্বামীৰ সৈতে নৱনীতা বৰুৱা দত্ত

পৰিয়ালৰ বান্ধোনেও সমাজৰ কাম কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ ওপৰত প্ৰভাৱ পেলাব পৰা নাই । নৱনীতা বৰুৱা দত্তই মৰঙি মৌজাৰ দৈগ্ৰোং অঞ্চলত মহিলাৰ দিহানাম আৰু বিয়ানামৰ দল গঠন কৰি গোলাঘাট জিলাৰ প্ৰায়বোৰ অঞ্চলৰ পৰা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । কৰো’না কালৰ বন্ধৰ সময়ছোৱাত গোলাঘাট জিলা সাহিত্য সভাই আকাশ উপ সমিতিৰ জৰিয়তে সঁতাৰ যোগে আয়োজন কৰা সদৌ অসম ভিত্তিত বিয়ানাম প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে এইগৰাকী আগৰণুৱা মহিলাই। অসম সংস্কৃতি (লক্ষীমপুৰ জিলাৰ) ফেচবুক পেজে আয়োজন কৰা মহিলা দিহানাম প্ৰতিযোগিতাতো তেখেতৰ দলে প্ৰথম স্থান লাভ কৰে। গোলাঘাট জিলা সাহিত্য সভাই ২০২০বৰ্ষত জিলা ভিত্তিত আয়োজন কৰা প্ৰয়াত মাধুৰ্য্য বৰা সোঁৱৰণি একক গল্প প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি বঁটা গ্ৰহণ কৰে। আনহাতে কুঁহিপাত সাহিত্য চৰ্চা প্ৰাংগণ ফেচবুক পেজৰ জড়িয়তে আয়োজন কৰা কথাগল্প প্ৰতিযোগিতাতো দুবাৰকৈ প্ৰথম আৰু তৃতীয় স্থান লাভ কৰিছে নৱনীতা বৰুৱা দত্তই। বৰ্তমানেও তেখেতৰ ওচৰত বহু খিনি স্বৰচিত কবিতা, গল্প লিখিত ৰূপত আছে আৰু সাহিত্য চৰ্চা অব্যাহত ৰাখিছে।

বিহু সুৰক্ষা সমিতি, অসমৰ দ্বাৰা ২০২১ চনৰ সাত নৱেম্বৰত গোলাঘাট জিলাৰ দৈয়াং অঞ্চলত আয়োজন কৰা বিয়ানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বাইদেৱে “শ্ৰেষ্ঠ কণ্ঠশিল্পী”ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । তেখেতে সপোনৰ পৰিধি অসমৰ ফেচবুক পেজৰ জৰিয়তে কবিতা আবৃত্তি কৰিও ৰাইজৰ সমাদৰ লাভ কৰিছে। মহাপুৰুষ জনাই দি থৈ যোৱা আমাৰ আধ্যাত্মিক চেতনা জীয়াই ৰখা প্ৰাৰ্থনা পৰিবেশনতো যথেষ্ট প্ৰতিভা আছে বাবে ঘোষা পাঠ প্ৰতিযোগিতাতো প্ৰথম স্থান দখল কৰাৰ অভিজ্ঞতা বুটলিছে । চিত্ৰশিল্পতো এইগৰাকী নাৰীৰ প্ৰতিভা দেখিবলৈ পোৱা যায় । বৰ্তমান বৈদ্যুতিন টিভি চেনেল প্ৰাগ নিউজত সম্প্ৰচাৰণ ঘটা ‘ উৰুলি’ অসমৰ সৰ্ব্ববৃহৎ বিয়ানাম প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ বাবে বাইদেউৰ দলে বিয়ানাম পৰিৱেশন কৰি আহিছে।

ইয়াৰ পূৰ্ব্বে ২০১৮ বৰ্ষত ৰেঙনি চেনেলৰ ভক্তি আৰাধনা অনুষ্ঠানত বাইদেউৰ দলে দিহানাম আৰু নাগাৰা নাম পৰিৱেশন কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হয় । অন্ততঃকৰনে বিয়ানাম,দিহানাম ভালপোৱা মহিলা সংগঠিকা নৱনীতা বাইদেৱে জোনালী আত্মসহায়ক গোটৰ জৰিয়তে চৰকাৰী গোটৰ সঞ্চয় পুজিৰে নিজ গাঁৱতে এখনি ড্ৰেগন ফ্ৰূইটৰ বাগিছা ৰোপন কৰি কাম কাজ চলাই আছে। ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা মৰঙিত আৰোহণ যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা ভাওনা প্ৰতিযোগিতাত সমবেত হোৱা ভকত বৈষ্ণৱ সকলক বাইদেউৰ লগতে কুৰিগৰাকীতকৈও অধিক সক্ৰিয় মহিলা সংগঠিত হৈ একতাৰে, ঘৰুৱা ভাৱে তৈয়াৰ কৰা লাৰু পিঠাৰে আপ্যায়িত কৰি ভকত বৈষ্ণৱৰ প্ৰতি থকা ভক্তি তথা বহল মনৰ পৰিচয় দাঙি ধৰিছে।

নিজা গাঁৱৰ ঢলাখাট গাঁও নামঘৰ, মহিলা সমিতি, মইনা পাৰিজাত, আত্মসহায়ক গোট, সাহিত্য সভা, আদি সকলোবোৰ অনুষ্ঠানৰ লগত জড়িত থকাৰ উপৰিও “অসম সাহিত্য সভাৰ আজীৱন সভ্য” ,গল্পকাৰ, কবি, নাট্যকৰ্মী, লোকসংগীত শিল্পী, বয়ন শিল্পী, কৃষক, সুগৃহীনি আদি অনেক গুণৰ সমাহাৰেৰে পৰিপূৰ্ণ নৱনীতা বৰুৱা দত্ত ভৱিষ্যতে এনেদৰেই অগ্ৰণী ভূমিকা লৈ সমাজৰ উপকাৰ কৰি যাওক তাৰেই কামনা কৰিলোঁ।

Previous Post

Next Post

বৰহোলাৰ মুক্তিনগৰত বৰ মৌৰ সন্ত্ৰাস

dapunwebdesk

dapunwebdesk

Next Post
বৰহোলাৰ মুক্তিনগৰত বৰ মৌৰ সন্ত্ৰাস

বৰহোলাৰ মুক্তিনগৰত বৰ মৌৰ সন্ত্ৰাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

আমাক ‘লাইক’ কৰক

  • Trending
  • Comments
  • Latest
কৈশোৰ কালৰ সমস্যা আৰু সমাধানৰ উপায়ঃ মৌচুমী ৰবিদাস

কৈশোৰ কালৰ সমস্যা আৰু সমাধানৰ উপায়ঃ মৌচুমী ৰবিদাস

8th June 2022
  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকত নাট্যকাৰৰ সমকাল চেতনাঃ এটি অধ্যয়ন  ✍ ৰিতু ৰশ্মি হাজৰিকা

  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকত নাট্যকাৰৰ সমকাল চেতনাঃ এটি অধ্যয়ন ✍ ৰিতু ৰশ্মি হাজৰিকা

17th June 2020
যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা…   ♦শ্ৰী তাহেৰউদ্দিন আহমেদ

যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা… ♦শ্ৰী তাহেৰউদ্দিন আহমেদ

8th June 2022
বিশ্বাস , অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ ব্যৱস্থা 

বিশ্বাস , অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ ব্যৱস্থা 

8th June 2022
অসমীয়া লোকসংস্কৃতিত উৰ্ব্বৰা বিশ্বাসঃ মানস হাজৰিকা

অসমীয়া লোকসংস্কৃতিত উৰ্ব্বৰা বিশ্বাসঃ মানস হাজৰিকা

128
যোগঃ শাৰীৰিক, মানসিক, আধ্যাত্মিক উত্তৰণৰ মহৌষধ ■ সঞ্জয় ৰবিদাস

যোগঃ শাৰীৰিক, মানসিক, আধ্যাত্মিক উত্তৰণৰ মহৌষধ ■ সঞ্জয় ৰবিদাস

49
ভালপোৱা  ♦তন্ময় কলিতা

ভালপোৱা ♦তন্ময় কলিতা

13
বন্ধুৰ নামত একলম…  ♦ তন্ময় কলিতা

বন্ধুৰ নামত একলম… ♦ তন্ময় কলিতা

6
যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

14th March 2023
প্ৰেমৰ ৩৫ টুকুৰা

প্ৰেমৰ ৩৫ টুকুৰা

27th February 2023

নাৰী আৰু অন্যান্য কবিতা

15th February 2023
ফাগুন

ফাগুন

13th February 2023

শেহতীয়া লেখা

"দাপোণ জীৱনৰ" অসমীয়া ভাষাত প্ৰকাশিত মাহেকীয়া ই-আলোচনী। বৰ্তমান সময়ত ডিজিটেল মাধ্যমৰ জনপ্ৰিয়তাৰ লগে লগে সাহিত্যৰ ক্ষেত্ৰত অসমীয়া ই-আলোচনীৰ প্ৰচাৰ আৰু প্ৰসাৰে নতুন মাত্ৰা লাভ কৰিছে। সাহিত্য, সমাজ-সংস্কৃতি আৰু নতুন প্ৰতিভা সৃষ্টিৰ লক্ষ্য আগত ৰাখি "দাপোণ জীৱনৰ" ই-আলোচনীখন মুকলি কৰা হৈছে।

শেহতীয়া লেখা

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

14th March 2023
প্ৰেমৰ ৩৫ টুকুৰা

প্ৰেমৰ ৩৫ টুকুৰা

27th February 2023

নাৰী আৰু অন্যান্য কবিতা

15th February 2023

Follow Us

196800
  • Disclaimer
  • Advertise
  • Privacy & Policy
  • Contact

© 2020 Dapun Jibonor - Website developed by Ujudebug.