সুখৰ ৰহস্য স্বাধীনতা
অনুবাদ: প্ৰদীপ বৈশ্য
তলত উল্লেখ কৰা ঘটনাটি সংঘটিত হৈছিল কৰ্ণাটকৰ কম্বাৰু অভয়াৰণ্যৰ সমীপৰ চুল্লিয়া মহকুমাৰ অন্তৰ্গত বিলীনেলে নামৰ গাঁৱত। ঘটনাৰ সময় ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ।
এটা নাহৰফুটুকী বাঘে কুকুৰ এটাক খেদি খেদি অৱশেষত আৱদ্ধ হৈ পৰিছিল এটা শৌচাগাৰত। কুকুৰটোৱে শৌচাগাৰত এখন খিৰিকীৰে প্ৰৱেশ কৰাৰ লগে লগে তাক খেদি অহা নাহৰফুটুকীটোই দৰজাখনেৰে শৌচাগাৰটোত সোমাই গৈছিল আৰু দৰজাখন বাহিৰৰ পৰা বন্ধ হোৱাত দুয়ো তাত আৱদ্ধ হৈ পৰিছিল। কুকুৰটোই এটা চুকত আনহাতে নাহৰফুটুকীটো আন এটা চুকত অৱস্থান কৰাৰ সময়ত কুকুৰটোৱে ভুকিবলৈ সাহস কৰা নাছিল আৰু নিশ্চুপ হৈ বহি আছিল। আনহাতে নাহৰফুটুকীটোৱেও মাথোঁন এবাৰ জপিয়াই তাৰ সহজ চিকাৰ কুকুৰটোক ৰাতিৰ আহাৰ হিচাপে ভক্ষণ কৰিব পাৰিলেহেঁতেন !
দুয়োটা জন্তু প্ৰায় বাৰ ঘণ্টা ধৰি শৌচাগাৰটোৰ বিভিন্ন কোণত একেলগে অৱস্থান কৰি থাকিল। আনকি নাহৰফুটুকীটোও এই সময়চোৱাত নিমাত হৈ থাকিল। পৰৱৰ্তী সময়ত বন বিভাগে পশু চিকিৎসকৰ হতুৱাই ৰিম’ট ইনজেকচন গান ব্যৱহাৰ কৰি এটা নাহৰফুটুকী বাঘটোক আৱদ্ধ কৰিলে ।
এতিয়া প্ৰশ্ন হ’ল, ভোকাতুৰ নাহৰফুটুকীটোৱে কিয় সহজে পোৱা কুকুৰটোক ভক্ষণ নকৰিলে ???
বন্যপ্ৰাণী গৱেষকসকলে এই প্ৰশ্নৰ উত্তৰ দিলে এইদৰে –
তেওঁলোকৰ মতে বন্যপ্ৰাণী নিজৰ স্বাধীনতাৰ প্ৰতি অতি সংবেদনশীল। বন্যপ্ৰাণীবোৰে সিহঁতৰ এই স্বাধীনতা কাঢ়ি লোৱা হৈছে বুলি উপলব্ধি কৰাৰ লগে লগে গভীৰ শোক অনুভৱ কৰে আৰু নিজৰ ভোক পাহৰি যায়। এই স্বাধীনতা খৰ্ব হোৱাৰ লগে লগে পেটটো ভৰাই ৰাখিবলৈ পোৱা স্বাভাৱিক প্ৰেৰণা ম্লান হ’বলৈ আৰম্ভ কৰে। অৰ্থাৎ, বন্যপ্ৰাণীৰ বাবে স্বাভাৱিক স্বাধীনতাই আটাইতকৈ গুৰুত্বপূৰ্ণ।
মানুহৰ ক্ষেত্ৰত ৰিজালে দেখা যায় যে, আমাক বহু দিশত স্বাধীনতাৰ প্ৰয়োজন। যেনে-বাক স্বাধীনতা, ধৰ্মীয় স্বাধীনতা, শিক্ষা আৰু সংস্কৃতিৰ স্বাধীনতা ইত্যাদি। স্বাধীনতা আৰু সুখ – এই দুয়োটা ইটোৰ লগত সিটো সংযুক্ত। আমি বিচৰা ধৰণে চিন্তা, আচৰণ কৰিবলৈ আৰু লগতে সুন্দৰকৈ জীয়াই থাকিবলৈ স্বাধীনতাৰ প্ৰয়োজন। আমি স্বাধীনতাৰ কল্পনাক যিমানেই বহলভাৱে চাওঁ সিমানেই ই সুখৰ সৈতে জড়িত হৈ থাকে আৰু সেয়ে ক’ব পাৰি সুখৰ ৰহস্যই হ’ল স্বাধীনতা। আচল কথা বা তত্ত্ব সেইটোৱেই !
(এই পোষ্টটো পোনতে প্ৰকাশ হৈছিল ‘এয়াৰ ৱাৰিয়ৰ্ছ অৱ ইণ্ডিয়া’ ৰ টাইমলাইনত। তাৰ পিছত ‘আনন্দ সাগৰ’ নামৰ গোটত প্ৰকাশ পাইছিল। অনুবাদটি পৰৱৰ্তী গোটৰ পৰা অনুবাদ কৰা হৈছে। )
*****************************