হিন্দু চিনেমা বনাম মুছলমান চিনেমা
পুলকেশ শৰ্মা
এইকেইদিন দেখি শুনি পঢ়ি এয়াই বুজিলোঁ যে শ্বাৰুখ খান অভিনীত “পাঠান” নামৰ চিনেমাখন এখন মুছলমান চিনেমা। হিন্দু সকলে ইয়াক বয়কট কৰিছে। যিহেতু মুছলমান চিনেমা, চিনেমাখন বক্স অফিচত হিট কৰাৰ দায়িত্বও মুছলমানৰেই। সেয়েহে মৰিগাওৰ ম’ফিদুলে পাঠানৰ শ শ টিকত কিনি মুছলমান মানুহক পাঠান দেখাব। গোৱালপাৰাৰ ছাইদুলে দেৰ শ টিকত কিনি মুছলমান হোৱাৰ গৌৰৱত গদ্ গদ্ হৈছে। এইবোৰ খবৰ এতিয়া আমাৰ সংবাদ মাধ্যমত তেনেই সুলভ। একেদৰে যেনেকৈ “কাশ্মীৰ ফাইল্ছ” খন এখন হিন্দু চিনেমা আছিল। কাশ্মীৰ ফাইল্ছ চিনেমাখন চাই বা আনক দেখুৱাই হিন্দুসকলে একেদৰেই হিন্দু হোৱাৰ গৌৰৱত গদ্ গদ্ হৈছিল।
ইয়াৰ আগত চিনেমাবোৰ বিনোদনৰ বাবেই চাইছিলোঁ। দৈনন্দিন ব্যস্ততাৰ পৰা দুই তিনি ঘণ্টা সময় উলিয়াই, চিনেমা এখন চাই, মগজৰ অৱসাদ দুৰ কৰাৰ বাহিৰে চিনেমাৰ কিবা বেলেগ প্ৰভাব নাই বুলিয়েই ভাবিছিলোঁ। কিন্তু যোৱাবছৰ ‘কাশ্মীৰ ফাইল্ছ’ চিনেমাখন চাইছিলো নিজকে হিন্দু বুলি প্ৰমান কৰাৰ স্বাৰ্থত। চিনেমাখন চাই সিমান ভাল নাপালেও হিন্দু হোৱাৰ গৌৰৱত গদ্ গদ্ হৈছিলোঁ।
কৰ, মুল্যবৃদ্ধি, নিবনুৱা, উদং ৰাজকোষ, অৰ্থনৈতিক মন্দাৱস্থা আদিৰ দৰে জলন্ত সমস্যাকো আওকান কৰি আমাৰ সংবাদ মাধ্যম; ‘পাঠান’ চিনেমা খনক মুছলমান আৰু ‘কাশ্মীৰ ফাইল্ছ’ চিনেমা খনক হিন্দু চিনেমা হিচাপে সমাজত প্ৰতিস্থা কৰাত সফল হৈছে। ইয়াৰ বাবে তেওলোকৰ চেষ্টাৰ শলাগ লব লাগিব। কিন্তু সংবাদমাধ্যম যেতিয়া যিকোনো কাৰণতেই নহওক, মূল সমস্যাবোৰৰ পৰা আতৰি যায়; সাধাৰণ চিনেমা এখনো যেতিয়া হিন্দু আৰু মুছলমান হিচাপে শ্ৰেণীবিভাজিত হৈ যায়, তেতিয়া গণৰাজ্য, স্বাধীনতা, দেশপ্ৰেম আদিৰ দৰে শব্দবোৰে লাজ পাই উঠে।
এতিয়া মোৰ মনত খু-দুৱনি লগাই থকা কথাটো হ’ল ‘কাশ্মীৰ ফাইল্ছ’ চোৱা মুছলমান সকল আৰু ‘পাঠান’ চোৱা হিন্দু সকলৰ দৰাচলতে কিবা ধৰ্ম আছেনে? নে তেওলোকক পোণছাটেই দেশদ্ৰোহী বুলি কব পাৰি?