ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে অৰন্য মানৱ যাদৱ পায়েংৰ সৈতে যোৰহাট ৰ চাংচোৱা বাগান পৰজালাইন প্ৰাথমিক বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ সৈতে বাৰ্তালাপ
গুৱাহাটীঃ ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে অৰন্য মানৱ যাদৱ পায়েংৰ সৈতে চাংচোৱা বাগান পৰজালাইন প্ৰাথমিক বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ সৈতে বাৰ্তালাপ অনুষ্ঠিত হয়। বিদ্যালয়ৰ চৌহদৰ অৰন্য মানৱৰ যাদৱ পায়েঙৰ এক বৃক্ষৰোপন কাৰ্যসূচীৰে অনুষ্ঠান আৰম্ভণি হয়।
বিদ্যালয়ৰ প্ৰধান শিক্ষক জগদীশ কৰ্মকাৰে বাৰ্তালাপ অনুষ্ঠানটি আঁত ধৰে । বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উক্ত অনুষ্ঠানত অৰন্য মানৱ যাদৱ পায়েঙে বৃক্ষৰোপন, গোলকীয় উষ্ণতা বৃদ্ধি, মোলাই কাঠনিৰ সৃষ্টি, পৰিবেশ সজাগতা সন্দৰ্ভত বহুমূলীয়া বক্তব্য ৰাখে। পাঠ্যপুথিত দেখি থকা অৰন্য মানৱ যাদৱ পায়েঙক নিচেই কাষতে লগ পাই ছাত্ৰ -ছাত্ৰী সকল আনন্দিত হয়। অৰন্য মানৱক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচা আৰু ছাত্র-ছাত্ৰী সকলে একোটাকৈ কলমেৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ সহঃ শিক্ষক জিতুল বৰাই।