দাপোণ জীৱনৰ
  • সম্পাদকীয়
  • কথাশিল্প
    • বিশেষ নিৱন্ধ
    • প্ৰবন্ধ
    • গ্ৰন্থবাৰ্তা
  • গদ্যশিল্প
    • গল্প
    • ধাৰাবাহিক ৰচনা
    • ৰম্য ৰচনা
    • নানাৰঙী
    • জিলিঙনি
  • ছন্দশিল্প
    • কবিতা
    • কথা-কবিতা
    • ৰম্য পদ্য
  • অনুবাদ
  • দৃশ্য-শ্ৰাব্য
  • সাক্ষাৎকাৰ
  • ভাল খবৰ
  • সাম্প্ৰতিকী
  • স্বাস্থ্য
  • অধিক
    • উত্তৰ-পূব
    • ক্রীড়া-জগত
    • দেশ বিদেশ
    • ছবি-আলোছবি
    • দাপোণ জীৱনৰ
No Result
View All Result
  • সম্পাদকীয়
  • কথাশিল্প
    • বিশেষ নিৱন্ধ
    • প্ৰবন্ধ
    • গ্ৰন্থবাৰ্তা
  • গদ্যশিল্প
    • গল্প
    • ধাৰাবাহিক ৰচনা
    • ৰম্য ৰচনা
    • নানাৰঙী
    • জিলিঙনি
  • ছন্দশিল্প
    • কবিতা
    • কথা-কবিতা
    • ৰম্য পদ্য
  • অনুবাদ
  • দৃশ্য-শ্ৰাব্য
  • সাক্ষাৎকাৰ
  • ভাল খবৰ
  • সাম্প্ৰতিকী
  • স্বাস্থ্য
  • অধিক
    • উত্তৰ-পূব
    • ক্রীড়া-জগত
    • দেশ বিদেশ
    • ছবি-আলোছবি
    • দাপোণ জীৱনৰ
No Result
View All Result
দাপোণ জীৱনৰ
No Result
View All Result
Home সম্পাদকীয়

ডিজিটেল ইণ্ডিয়াই ঢুকি নোপোৱা অসমৰ চাহ শ্ৰমিক সমাজ

dapunwebdesk by dapunwebdesk
15th January 2023
in সম্পাদকীয়
0
ডিজিটেল ইণ্ডিয়াই ঢুকি নোপোৱা অসমৰ চাহ শ্ৰমিক সমাজ
5
SHARES
63
VIEWS
Share on FacebookShare on Twitter

সঞ্জয় ৰবিদাসৰ কলমত

ডিজিটেল ইণ্ডিয়াই ঢুকি নোপোৱা অসমৰ চাহ শ্ৰমিক সমাজ
—————

অসমৰ চাহ জনগোষ্ঠীক উদ্দেশ্যি ড৹ ভূপেন হাজৰিকাই তাহানিতে গাইছিল–“”ঢাক ঢাক ঢাক ঢাক ঢাকেই বজালি,লাখ লাখ লাখ লাখ তহঁত থাকিও একো নেপালি” ।ব্ৰিটিছৰ শাসন কালতে চাহ বাগানত মজদুৰিৰ কামত ভাৰতৰ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ,উৰিষ্যা,ঝাড়খণ্ড,বিহাৰ আদি ৰাজ্যৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটা ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মানদণ্ড আজিও পুতৌ লগা । স্বাধীনতাৰ সাত দশক কাল উকলাৰ পাছতো তেওঁলোকৰ আৰ্থিক উন্নতি নহ’ল ,বিপৰীতে ৰ’দে-বৰষুণে দৈনিক অতি কম মজুৰিৰ বিনিময়তে বাগানত হাড় ভগা শ্ৰম পৰিয়াল পোহপাল দিবলৈ একপ্ৰকাৰ বাধ্য হৈ আহিছে ।বাগান অঞ্চলৰ শ্ৰমিকসকলৰ অসমীয়া গ্ৰামাঞ্চলৰ লোকসকলৰ সমান খেতি-বাতি নাই,ধান খেতিৰ বাবে ৰোপিত মাটিও নাই । বহুজনে দুই-একঠা মাটিতে যেনে-তেনে ঘৰ এটা নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰি আহিছে ‌। সেয়েহে চৰকাৰী চাউলকণ নহ’লে পৰিয়ালৰ সৈতে তেওঁলোকৰ চলিবলৈ অভাৱ হয় । আধুনিক জীৱন ধাৰণ শৈলীৰ কথা নক’লোৱেই বা ।চাহ শ্ৰমিক মজুৰি উপদেষ্টা বোৰ্ডে নিৰ্দ্ধাৰণ কৰা মতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১.৩৩ টকা হব বুলি এসময়ত অসম চৰকাৰৰ শ্ৰম আয়ুক্তই মজুৰি উপদেষ্টা বোৰ্ডৰ বৈঠকত ঘোষনা কৰিছিল । কিন্তু চৰকাৰে এই ঘোষনা কাৰ্যকৰী কৰিবলৈ সদিচ্ছা প্ৰকাশ নকৰিলে ।

তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ৰাজহুৱা সেৱাৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰক ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে ডিজিটেলভাৱে শক্তিশালী সমাজ আৰু জ্ঞান অৰ্থনীতিলৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগীৰে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী আৰম্ভ কৰিছে।ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীসমূহৰ ভিতৰত প্ৰতিজন নাগৰিকৰ বাবে এক মূল উপযোগিতা হিচাপে ডিজিটেল আন্তঃগাঁথনি তৈয়াৰ,নাগৰিকসকলক সেৱা প্ৰদানৰ বাবে এক মূল উপযোগিতা হিচাপে উচ্চ গতিৰ ইণ্টাৰনেটৰ উপলব্ধতা, নাগৰিকৰ ডিজিটেল সবলীকৰণ, ডিজিটেল আৰু বিত্তীয় ক্ষেত্ৰত নাগৰিকৰ অংশগ্ৰহণ সক্ষম কৰা মোবাইল ফোন আৰু বেংক একাউণ্ট, বিত্তীয় লেনদেন ইলেক্ট্ৰনিক আৰু নগদবিহীন কৰা , সাৰ্বজনীন ডিজিটেল সাক্ষৰতা,সাৰ্বজনীনভাৱে সুলভ ডিজিটেল সম্পদ সৃষ্টি অন্যতম। কিন্তু অসমৰ চাহ বাগিচা অঞ্চললৈ লক্ষ্য কৰিলে দেখা যায় যে সহজ-সৰল,দৰিদ্ৰ, চাহ বাগান অঞ্চলৰ পৰিসৰতে আৱদ্ধ চাহ শ্ৰমিকসকলক ডিজিটেল ইণ্ডিয়াই এতিয়াও ঢুকি পোৱা নাই ।চাহ বাগিচা অঞ্চলত কম্পিউটাৰ শিক্ষাৰ প্ৰচলন নগণ্য । পূৰ্বপুৰুষৰ শিক্ষাৰ দিশত সজাগতাৰ অভাৱৰ বাবে আৰু দৈনিক অতি কম উপাৰ্জনৰ ফলত শ্ৰমিক সকল আজিও নিৰক্ষৰ, অৰ্ধ শিক্ষিত আৰু আৰ্থিক দিশৰ সংকটৰ বাবেই ঘৰখনৰ বাবে বা সন্তানৰ বাবে আজিও এটা স্মাৰ্ট ফোন,কম্পিউটাৰ, লেপটপ আদি কিনাৰ সামৰ্থ্য নাই তেওঁলোকৰ ।ফলত তেওঁলোকে আৰু তেওঁলোকৰ স্কুললৈ যোৱা সন্তানেও ইণ্টাৰনেটৰ ব্যৱহাৰ আৰু প্ৰয়োগ নাজানে । বাগানৰ পাত ছিঙা কামৰ বাদে চাহ শ্ৰমিকৰ অন্য ব্যৱসায় বা কৃষিভূমিও নাই । দেখা যায় যে প্ৰত্যোকজন শ্ৰমিকৰ বেংক একাউণ্ট, এটিএম কাৰ্ড ইত্যাদি নাই । কাৰোবাৰ এটিএম থাকিলেও ব্যৱহাৰ কৰাত অপাৰগতা প্ৰকাশ কৰে । বেংক একাউণ্ট থাকিলেও একাউণ্টত থাকে সামান্য ধন ।বহু শ্ৰমিকে এটিএম কাৰ্ড, স্মাৰ্টফোনৰ অভাৱত নগদবিহীন লেন-দেনৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে আৰু GooglePay PhonPe ,BHEEM ইত্যাদি এপৰ মাধ্যমেৰে ইউ পি আই পদ্ধতিৰে ধন পৰিশোধ কৰিবলৈ সমৰ্থ নহয়। বাগিচাৰ শ্ৰমিকসকলৰ সন্তানৰ বাবে কম্পিউটাৰ শিক্ষাৰ কোনোধৰণৰ বিশেষ চৰকাৰী ব্যৱস্থা নাই ।বহু বাগিচাত এটিএম মেচিনেই নাই । শ্ৰমিকসকলৰ মজুৰি ধন নগদ হিচাপে হাতে হাতে দিয়া হয় বাবে তেওঁলোকে বেংকলৈ যোৱাৰ প্ৰয়োজনবোধেই নকৰে ।নগদ লেন-দেন ব্যৱস্থাত শ্ৰমিকৰ মজুৰি প্ৰদানত ধনৰ শৰাধ হোৱা দেখা যায় । খুচুৰা পইচাৰ অভাৱ দেখুৱাই প্ৰতিজন শ্ৰমিকৰ মুঠ মজুৰি ধনৰ দহ /পোন্ধৰ টকা আদায় দিয়া নহয় ।চাৰিশ/পাঁচশ শ্ৰমিক থকা বাগানত সাপ্তাহিক বা পোন্ধৰ দিনৰ অন্তৰে অন্তৰে এনেদৰে কিমান টকা শৰাধ কৰা হয় সেয়া সহজে অনুমেয় ।মজুৰিৰ ধন পোনে পোনে বেংক একাউণ্টত জমা হ’লে এই অবৈধ শৰাধ ততালিকে বন্ধ হ’ব ।

চাহ শ্ৰমিকৰ ডিজিটেল সাক্ষৰতাৰ বাবে চৰকাৰৰ যথেষ্ট কৰণীয় আছে । চাহ শ্ৰমিকৰ সন্তানক বিনামূলীয়া কম্পিউটাৰ সাক্ষৰতা আঁচনিৰ অন্তৰ্ভুক্ত কৰা, শ্ৰমিকৰ দৈনিক মজুৰিৰ ধন বৃদ্ধি কৰা , স্নাতক পৰ্যায়লৈকে শ্ৰমিকৰ সন্তানৰ বিনামূলীয়া শিক্ষা লাভৰ ব্যৱস্থা কৰা,শ্ৰমিকৰ বাবে বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনি গ্ৰহণ ,শ্ৰমিকৰ বেংক একাউণ্টৰ ব্যৱস্থা কৰা, সকলো শ্ৰমিকক বিনামূলীয়া স্মাৰ্টফোন প্ৰদান, শ্ৰমিকৰ ভৱিষ্যনিধি ধনৰ সম্পূৰ্ণ প্ৰাপ্য আদায় দিয়া ইত্যাদি কাম চৰকাৰে কৰিব পাৰে ।

চাহ শ্ৰমিকৰ সমস্যাবোৰ সমাধান নোহোৱাকৈয়ে যুগ যুগ ধৰি সমস্যা হৈয়েই আছে। চাহ বাগানৰ এইসকল শ্ৰমিক শিক্ষা-দীক্ষাৰ অভাৱত সামাজিকভাৱে অৱহেলিত । তেওঁলোকৰ পৃথিৱীখন যেন চাহ বাগিচাৰ মাজতে আৱদ্ধ । অৱশ্যে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা উচ্চ শিক্ষিত বহু ব্যক্তি সংগঠনৰ নেতা, মন্ত্ৰী-সাংসদ হোৱাৰ সত্ত্বেও জনগোষ্ঠীটোৰ শ্ৰমিকসকলে উন্নতিৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই । শ্ৰমিকৰ সমস্যা কেন্দ্ৰীক আন্দোলনৰপৰা নেতাৰ সৃষ্টি হৈছে আৰু জনগোষ্ঠীটোৰ মন্ত্ৰী-সাংসদসকলেও নিজ জাতিৰ লোকসকলকে প্ৰতাৰণা কৰি অহাৰ অভিযোগ পুৰণি।আজিও কেৱল ভোট বেংকৰ স্বাৰ্থত শ্ৰমিকসকলক ব্যৱহাৰ কৰি অহা হৈছে ‌।কেতিয়া উন্নতিৰ মুখ দেখিব চাহ শ্ৰমিকসকলে ?আজিৰ তাৰিখত সেয়া মাথো এক হুমুনিয়াহ উদ্ৰেককাৰী প্ৰশ্ন । চৰকাৰে চাহ-শ্ৰমিকৰ মজুৰি বৃদ্ধিৰে তেওঁলোককো সভ্যতাৰ পোহৰ দেখুৱাবনে? চাহ বাগিচাৰ নৱপ্ৰজন্ম শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছে । মূলসুঁতিৰ অৰ্থৱান ,শিক্ষিত লোকসকলৰ সৈতে থকা ব্যৱধান শিক্ষাৰ পোহৰৰ দ্বাৰাই এদিন ওৰ পৰিব বুলি আশা কৰিব পাৰি ।

১৫/১/২০২৩

Previous Post

মাঘ বিহুৰ মেজিৰ তাৎপৰ্য আৰু পৰিৱৰ্তনৰ ধামখুমীয়াত মাঘ বিহুৰ মেজি

Next Post

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে  অৰন্য মানৱ যাদৱ পায়েংৰ সৈতে যোৰহাটৰ চাংচোৱা বাগান পৰজালাইন প্ৰাথমিক বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ সৈতে বাৰ্তালাপ

dapunwebdesk

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

আমাক ‘লাইক’ কৰক

  • Trending
  • Comments
  • Latest
কৈশোৰ কালৰ সমস্যা আৰু সমাধানৰ উপায়ঃ মৌচুমী ৰবিদাস

কৈশোৰ কালৰ সমস্যা আৰু সমাধানৰ উপায়ঃ মৌচুমী ৰবিদাস

8th June 2022
  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকত নাট্যকাৰৰ সমকাল চেতনাঃ এটি অধ্যয়ন  ✍ ৰিতু ৰশ্মি হাজৰিকা

  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকত নাট্যকাৰৰ সমকাল চেতনাঃ এটি অধ্যয়ন ✍ ৰিতু ৰশ্মি হাজৰিকা

17th June 2020
যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা…   ♦শ্ৰী তাহেৰউদ্দিন আহমেদ

যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা… ♦শ্ৰী তাহেৰউদ্দিন আহমেদ

8th June 2022
বিশ্বাস , অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ ব্যৱস্থা 

বিশ্বাস , অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ ব্যৱস্থা 

8th June 2022
অসমীয়া লোকসংস্কৃতিত উৰ্ব্বৰা বিশ্বাসঃ মানস হাজৰিকা

অসমীয়া লোকসংস্কৃতিত উৰ্ব্বৰা বিশ্বাসঃ মানস হাজৰিকা

128
যোগঃ শাৰীৰিক, মানসিক, আধ্যাত্মিক উত্তৰণৰ মহৌষধ ■ সঞ্জয় ৰবিদাস

যোগঃ শাৰীৰিক, মানসিক, আধ্যাত্মিক উত্তৰণৰ মহৌষধ ■ সঞ্জয় ৰবিদাস

49
ভালপোৱা  ♦তন্ময় কলিতা

ভালপোৱা ♦তন্ময় কলিতা

13
বন্ধুৰ নামত একলম…  ♦ তন্ময় কলিতা

বন্ধুৰ নামত একলম… ♦ তন্ময় কলিতা

6
যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

14th March 2023
প্ৰেমৰ ৩৫ টুকুৰা

প্ৰেমৰ ৩৫ টুকুৰা

27th February 2023

নাৰী আৰু অন্যান্য কবিতা

15th February 2023
ফাগুন

ফাগুন

13th February 2023

শেহতীয়া লেখা

"দাপোণ জীৱনৰ" অসমীয়া ভাষাত প্ৰকাশিত মাহেকীয়া ই-আলোচনী। বৰ্তমান সময়ত ডিজিটেল মাধ্যমৰ জনপ্ৰিয়তাৰ লগে লগে সাহিত্যৰ ক্ষেত্ৰত অসমীয়া ই-আলোচনীৰ প্ৰচাৰ আৰু প্ৰসাৰে নতুন মাত্ৰা লাভ কৰিছে। সাহিত্য, সমাজ-সংস্কৃতি আৰু নতুন প্ৰতিভা সৃষ্টিৰ লক্ষ্য আগত ৰাখি "দাপোণ জীৱনৰ" ই-আলোচনীখন মুকলি কৰা হৈছে।

শেহতীয়া লেখা

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

14th March 2023
প্ৰেমৰ ৩৫ টুকুৰা

প্ৰেমৰ ৩৫ টুকুৰা

27th February 2023

নাৰী আৰু অন্যান্য কবিতা

15th February 2023

Follow Us

196799
  • Disclaimer
  • Advertise
  • Privacy & Policy
  • Contact

© 2020 Dapun Jibonor - Website developed by Ujudebug.