মাঘ বিহুৰ মেজিৰ তাৎপৰ্য আৰু পৰিৱৰ্তনৰ ধামখুমীয়াত মাঘ বিহুৰ মেজি
■ লক্ষিমী শইকীয়া বৰা
অ সমীয়া জাতীয় উৎসৱ হৈছে বিহু । এই বিহুক তিনিটা ভাগত ভগাইছে ক্ৰমে ব’হাগ বিহু বা ৰঙালী বিহু , কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু । এই তিনিও বিহুকেই অসমত অতি উলহ-মালহেৰে পালন কৰা হয় ।
প্ৰত্যেক জীৱৰে একোটাকৈ জীৱনচক্ৰ আছে যি চক্ৰত আছে বাৰটাকৈ
ৰাশিচক্ৰ আৰু সেই বাৰটা ৰাশিচক্ৰততেই গ্ৰহ-নক্ষত্ৰবোৰে স্পৰ্শ কৰি নিজ নিজ কক্ষপথত অবিৰাম গতিত ধাৱমান হয় । । সূৰ্যৰ চাৰিওফালে পৃথিৱী পদক্ষিন কৰোঁতে বাৰ মাহত বাৰটা ৰাশিচক্ৰ সূৰ্যৰ কাষ চাপে। যেতিয়া মকৰ ৰাশি সূৰ্যৰ কাষত প্ৰৱেশ কৰে তেতিয়াই সূৰ্যৰ তাপ কমি যায় । শীতে পৃথিৱীক গ্ৰাস কৰে আৰু অসমীয়া লোকসকলে শীতৰ পৰা উপশম পাবলৈ অগ্নি পূজা কৰে । মকৰ সংক্ৰান্তিৰ দিনাই সেই পূজাভাগ কৰা হয় । লগতে সকলোৱে মিলিজুলি অগ্নিৰ কাষতেই এসাঁজ ভোত-ভাতৰ আয়োজক কৰে । পুহ আৰু মাঘ মাহৰ মাজৰ দিনটোত সেই উৎসৱটো পালন কৰা হয় বাবে তাৰ নামেই মাঘবিহু হিচাপে উদযাপন কৰে। এই মাঘ বিহুকেই ভোগালী বিহু বুলিও কোৱা হয় । প্ৰত্যেকেই কৃষি কাৰ্য সামৰি , পথাৰৰ লখিমী ভঁৰাললৈ আনি বিহুৰ আয়োজন আৰম্ভ কৰে । বৰা , শালি , লাহি , আমপাখি ধানৰ চাউল উলিয়াই বিভিন্ন ধৰণৰ পিঠাৰ খোলা পাতে ।
মাঘ বিহু মুখ্যত তিনিদিন ধৰি চলে। সংক্ৰান্তিৰ আগৰাতি উৰুকা হয়। উৰুকাৰ পিছৰ দিনটো হৈছে পুহমাহৰ শেষৰ দিন আৰু তাৰ পিছৰ দিনাই মেজি জ্বলাই সকলোৱে অগ্নিক সেৱা জনায় । এই বিহুটিত প্ৰায় সকলোৱেই ভোগ কৰে বাবেই এই বিহুক ‘ভোগালী বিহু’ আখ্যা দিয়া হয়।সেয়ে ভোগালী বিহু হৈছে এনে এটি উৎসৱ যাক আমি ভোগৰ উৎসৱ বুলিও ক’ব পাৰোঁ । উৰুকা বা তাৰ আগৰে পৰা অসমীয়া সমাজৰ জীয়ৰী বোৱাৰীসকলে নিজৰ ঘৰতে বা অন্য ঠাইত লগ হৈ বিভিন্ন সুস্বাদ্য খাদ্য সামগ্ৰী যেনে লাৰু, পিঠা, চিৰা, দৈ অদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰে। অন্যহাতেদি সমাজৰ পুৰুষসকলে আনন্দ উৎসাহৰ মাজেৰে বাহ, খেৰ, কলগছৰ শুকান পাতেৰে ভেলাঘৰ আৰু মেজি আদি বনোৱত ব্যস্ত হৈ পৰে। উৰুকাৰ ৰাতি ঘৰৰ সকলো সদস্য একেলেগে মিলি ঘৰতে অথবা ভেলাঘৰৰ ভিতৰত এসাজ আমিষ ভোজনৰ তৃপ্তৃ হয় । মহিলাসকলে আখলত বিধে বিধে পিঠা বনোৱাত ব্যস্ত হয় ।পুৰুষসকলে বাৰীৰ বাঁহ-কাঠেৰে দুটাকৈ মেজি নিৰ্মাণ কৰি ৰাখে ভেলাঘৰৰ কাষত। এটা সৰু মেজি আনটো বৰ মেজি ।সৰু মেজিটো সন্ধিয়া জ্বলাই আৰু ভোজ ভাত খোৱা সময়লৈকে সকলোৱে জুইৰ উত্তাপত শীতক আওকাণ কৰি ৰাখে । ভোজ-ভাত খোৱাৰ শেষত ভেলাঘৰত জুই জ্বলায় এক সুকীয়া আনন্দ লাভ কৰে । সংক্ৰান্তিৰ দিনা ঘৰৰ সকলো সদস্যই ৰাতিপুৱাই সোনকালে উঠি গা গা-পা ধুই আগদিনাই বনাই থোৱা বৰমেজিত অগ্নি সংযোগ কৰে আৰু সকলোৱে মিলি জয়ধ্বনি দিয়ে এনেকৈ ” জয় হৰি বোলা , জয় ৰাম বোলা , আমাৰ মেজিৰ জুই জ্বলিব লাগে এ হৰি বোলা ,,,”।যেতিয়া অগ্নিয়ে গোটেই মেজিটো আৱৰি ধৰে তেতিয়াই সকলোৰে অগ্নিক সেৱা জনায় । আগলি কলৰ পাতত তামোল-পান ভক্তিসহকাৰে অগ্নিদেৱতালৈ আগবঢ়াই লগতে ঘি, তিল, মাহ, চাউল, লাৰু-পিঠা আদি নানান দ্ৰৱ্য অৰ্পণ কৰি অগ্নি দেৱতাক স্তুতি কৰে এনেকৈ ,
“অগ্নিং প্ৰজ্বলিত্ং বন্দে চাতুৰৰ্ণ্যং হুতশনম্।
সুবৰ্ণবৰ্ণমমলং জ্যোতিৰুপায়ে তে নম:।”
অসমীয়া ‘মেজি’ শব্দটো বৈদিক ‘মেধ্য’ শব্দৰ পৰা আহিছে। এই ‘মেধ’ শব্দটোৱে ‘যজ্ঞ’ৰ অৰ্থকেই সূচায়।
প্ৰাচীন বৈদিক যুগত মকৰ সংক্ৰান্তি কালত ‘মহাব্ৰত’ নামৰ এক ডাঙৰ ধৰ্মীয় অনুষ্ঠান হৈছিল। সেই অনুষ্ঠানত সূৰ্যদেৱতাক পূজা-অৰ্চনা কৰা হয় যাতে সূৰ্যই সম্পূৰ্ণ জীৱমণ্ডলকে শীতৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিব পাৰে, বেদৰ মতে অগ্নিদেৱতাকেই সূৰ্যদেৱতা বুলি পূজা কৰা হয়। বৈদিক কালত যাগ-যজ্ঞত যেনেদৰে অগ্নিৰ ঘি, সোম আদি বিভিন্ন দ্ৰৱ্য অৰ্পণ কৰি পূজা অৰ্চনা কৰে, ঠিক তেনেদৰে অসমীয়া লোকসকলেও মাঘবিহুত মেজি জ্বলাই অগ্নিক পূজা কৰাৰ সময়তো ঘি, তিল, লাৰু-পিঠা আদি অৰ্পণ কৰে ।
অগ্নিদেৱতাক মানুহে পূজা-অৰ্চনা কৰাৰ প্ৰথা প্ৰাচীন। কালৰে পৰাই চলি আহিছে। মেজি বা ভেলাঘৰত অগ্নিসংযোগ কৰাৰ সময়ত সকলো লোকে কামনা কৰে যাতে সমাজৰ পৰা অশুভ শক্তিসমূহৰ নাশ হয়। মেজিত জুই লগোৱাৰ সময়ত সমাজৰ পুৰুষ-মহিলাসকলে জয়ধ্বনি দি সকলোৰে মংগল কামনা কৰে। অগ্নিক স্তুতি কৰি বিভিন্ন সামগ্ৰী অৰ্পণ কৰাৰ সময়ত এতিয়াও সেই একেই মন্ত্ৰ উচ্চাৰণ কৰি আহিছে ।
অগ্নিক যিহেতু সকলো দেৱতাৰে প্ৰতিনিধি বুলি গণ্য কৰা হয়, সুবৰ্ণময় পবিত্ৰ অগ্নিক ভক্তিসহকাৰে পূজা অৰ্চনা কৰি বছৰটোলৈ সুখ-শান্তি বাঞ্ছা কৰে। আমাৰ অসমীয়া সমাজত এটা প্ৰচলিত প্ৰথা আছে যে মেজিৰ জুইৰ ছাই খেতিপথাৰত বা বাগিছাৰ গছ-গছনিত ছটিয়াই দিলে পোক-পৰুৱা নাশ হয় আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি পায়। এনেধৰণৰ প্ৰথা প্ৰাচীনকালতো প্ৰচলিত আছিল বুলি কিংবদন্তিসকলেও উল্লেখ কৰিছে ।
মাঘবিহুত মেজি জ্বলোৱাৰ সময়ত তাত উপস্থিত থকা লোকসকলে বিভিন্ন ভক্তিগীত, স্তুতিপাঠ আদি কৰে। আকৌ কিছুমানে মেজিৰ কাষত ঢোল-তাল আদি বাদ্যযন্ত্ৰ বজাই বিহু নৃত্য কৰে।
অসমীয়া সমাজত অনুষ্ঠিত মাঘবিহু উৎসৱ অসমৰ বাদেও আন আন ঠাইত পালন কৰে । উত্তৰ ভাৰতত ‘মকৰ সংক্ৰান্তি’ উৎসৱ বুলি পালন কৰে। আকৌ দক্ষিণ ভাৰতত ইয়াক পোংগেল বুলি জনা যায়। অকল ভাৰতবৰ্ষতেই কিয় দক্ষিণ-এছিয়াৰ বহুকেইখন দেশতো এই সংক্ৰান্তি উৎসৱ বিভিন্ন নামেৰে পালন কৰে । মাঘ বিহুৰ মেজি জ্বলোৱা ভোজ-ভাত খোৱা এই উৎসৱসমূহে ধৰি ৰাখে জাতিৰ স্বকীয়তা আৰু সমাজৰ একতা , ভাতৃত্ববোধ ।
কিন্তু আজিকালি এই উৎসৱ প্ৰতিযোগিতালৈ ধাবমান হোৱা পৰিলক্ষিত হৈছে । কোনে কিমান ওখকৈ মেজি প্ৰস্তুত কৰিছে , কোনে কি আৰ্হিৰে ভেলাঘৰ সাজি উলিয়াইছে , এই সকলোবোৰ বিভিন্ন নিউজ চেনেলবোৰে প্ৰচাৰ কৰি এক নতুন প্ৰয়াসেৰে প্ৰতিযোগিতাৰ দৌৰত দৌৰাইছে যুৱক-যুৱতীসকলক । প্ৰকৃত আধ্যাত্মিকতাবোধৰ পৰা যে তেওলোক ফালৰি কাটি যোৱা নাই সেয়াও চিন্তনীয় বিষয় হৈ পৰিছে । কেমেৰাৰ সন্মুখত ওলাবলৈকে আকৌ বহুতে মেজি সাজিবলৈ ঢপলিয়াই আহিছে ।
মুঠতে কবলৈ গ’লে পৰিবৰ্তনৰ ধামখুমীয়াত এচামে বাৰে বাৰে মুখ থেকেছা খায়ো নিজৰ সংস্কৃতি ধৰি ৰাখিবলৈ অপাৰগ হৈছে । সংস্কৃতিৰ নামত বেপাৰ চলিছে । এচাম বেপাৰীয়ে অপসংস্কৃতিৰ বীজ আনি মেলি দিছে সংস্কৃতিৰ পথাৰত । নামঘৰৰ চৌহদত মেজি বনোৱা নিয়ম এৰি মুকলি পথাৰৰ মাজত হাজাৰ হাজাৰ টকা ব্যয় কৰি মেজি বনাবলৈ আৰম্ভ কৰিছে । নাম- প্ৰসংগৰ সলনি বাজিছে আধুনিক বিহুসুৰীয়া গীতৰ কেছেত । পৰম্পৰাগত নীয়মসমূহ হেৰাই গৈছে প্ৰতিযোগিতাৰ দৌৰত । যি উদ্দেশ্যৰে মাঘবিহুৰ মেজিত অগ্নি সংযোগ কৰা হয় , সেই উদ্দেশ্যে সলনি হোৱা দেখিবলৈ পোৱা গৈছে । শীতৰপৰা ৰক্ষা পাবলৈ নহয় যেন দূৰদৰ্শনৰ পৰ্দাত জিলিকিবলৈহে মেজি প্ৰস্তুত কৰি অগ্নি সংযোগ কৰিছে ।
এনেকৈয়ে যদি প্ৰতিটো উৎসৱ প্ৰতিযোগিতালৈ ধাবমান হয় তেনেহ’লে অসমীয়া জাতীয় উৎসৱসমূহ জিলিকি ৰ’ব কেৱল দূৰদৰ্শনৰ পৰ্দাতহে । ককা, আজোককাহঁতৰ দিনৰ পৰম্পৰাবোৰ মেজিৰ জুইৰ দৰে জ্বলি যাব অপসংস্কৃতিৰ গহ্বৰত ।
ঠিকনা: দক্ষিণপাট,মাজুলী ।
ফোন: 6000803729