ভোগালীত মৰঙিবাসীৰ দুৰ্ভোগ
প্ৰশান্ত দত্ত
বৰ্তমান কম্পিউটাৰৰ যুগ। সকলো মানুহৰ ব্যস্ততা বাঢ়িছে। গাঁৱলীয়া সহজ সৰল কৃষক সকলৰো ব্যস্ততা বাঢ়িছে। কৃষিক্ষেত্ৰত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাবো নপৰাকৈ থকা নাই। কৰ্ম ব্যস্ততাৰ মাজতো মৰঙি মৌজা বাসী অসমীয়া ৰাইজে ভোগালী বিহুৰ পৰম্পৰা সমুহ ধৰি ৰাখিবলৈ চেষ্টা কৰা যেন আমাৰ অনুভৱ হয়। অসমত পালন কৰা তিনিটা বিহুৰ ভিতৰত ভোগালী বিহু উল্লেখযোগ্য। সাম্প্ৰতিক সময়ত মৰঙিবাসী গ্ৰাম্যঞ্চলৰ ৰাইজে কেনেদৰে বিহু পালন কৰিব সেইবিষয়ে ভুক্তভোগী সকলেহে অনুধাৱন কৰিব পাৰিব।
পুহ মাহৰ সংক্ৰান্তিৰ দিনা ভোগালী বা মাঘবিহু পালন কৰা হয়। পূৰ্বতে গাঁৱৰ চহা ৰাইজে পুহমাহত ধান, মাহ, তিল, গুৰ, আলু, কচু, মগু আদি শস্য চপাই ভড়াল ভৰাই ৰাখে। কৃষক সকলে উৎপাদিত শস্যৰে ভঁৰাল উপচাই ৰাখি ভোগ কৰাৰ হেতু এই বিহু ভোগালী বিহুৰূপে প্ৰচলিত হৈ আহিছে। ভোগালী শব্দটো ভোগ শব্দৰ পৰা আহৰণ কৰা হৈছে। যাৰ অৰ্থ হৈছে খোৱা আৰু উপভোগ কৰা। এইয়া শস্য চপোৱাৰ এটা উৎসৱ। যিয়ে শস্য চপোৱাৰ বতৰত সমাপ্তিক স্মৰণ কৰে। ভঁৰাল শস্যৰে ভৰ্তি হৈ থাকে বাবে যথেষ্ট ভোজ-ভাত, জা-জলপান, পিঠা-পনা, আদি খোৱা-বোৱা চলি থাকে। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান চাউল খাবলৈ থাকে। মাঘবিহুত খোৱা-বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, হুৰুম, মুড়ী, আখৈ, ভজাচাউল, কোমলচাউল, লাৰু আদি তৈয়াৰ কৰাৰ লগতে তিলপিঠা,ঘিলাপিঠা,খোলাচপৰীয়া পিঠা, ফেনী পিঠা,বৰপিঠা, চুঙাপিঠা, কলপিঠা, ভাপত দিয়া পিঠা, সুতুলি পিঠা, জোনপিঠা, মুঠি পিঠা আদি তৈয়াৰ কৰা হয়।
ভোগালী বিহুৰ মূল আকৰ্ষণ হ’ল মেজি জ্বলোৱা। এই সময়ত সূৰ্য্য মকৰক্ৰান্তি ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়। আমাৰ অঞ্চলত হিন্দুধৰ্মাৱলম্বী সকলো জনগোষ্ঠীৰ মানুহৰ মাজত মাঘবিহুৱে অতি জনপ্ৰিয় উৎসৱ হিচাপে প্ৰাধান্য লাভ কৰি আহিছে।
আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত ৰাজকীয় পৃষ্ঠপোষকতাৰে মাঘবিহু পালন কৰা হৈছিল। কথিত আছে ৰংঘৰৰ বাকৰিত মাঘবিহু উপলক্ষে মেজি জ্বলোৱা, নানা ধৰণৰ খেলা-ধূলাৰ আয়োজন কৰাৰ লগতে হাতী যুঁজ, ম’হ যুঁজ, মল্ল যুজ, কুকুৰা যুঁজ, বুলবুলি চৰাইৰ যুঁজ, কণী যুঁজ, সেন চৰাই যুঁজৰ আয়োজন কৰি ৰজা প্ৰমূখ্যে ডা-ডাঙৰীয়াই উপভোগ কৰিছিল।
আজিকালি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত পূৰ্বৰ নীতি নিয়মৰ লগত তুলনা কৰিব পৰা নাযায়, পূৰ্বতে ভোগালী বিহুত গাঁৱৰ ডেকা সকলে পুহতে নৰাকাতি বাঁহেৰে ভেলাঘৰ নিৰ্মাণ কৰে আৰু সন্ধ্যা ভাগলৈ খৰি অথবা খেৰেৰে নিৰ্মাণ কৰা মেজি জ্বলাই। মেজিত পানী হিলৈ ফুটায়। এই দিনটোক উৰুকা বোলে, উৰুকাৰ দিনা সকলো একগোট হৈ মাছ মাংসৰে ভোজ ভাত খায়। আনন্দত মতলীয়া হৈ নাচিবাগি উজাগৰে থাকি নিশাৰ ভাগত আনৰ ঘৰৰ শাক- পাচলি, জেওৰা-জপনা চুৰকৰে, গাখীৰ খীৰোৱা গৰু পোৱালি মোকলাই দিয়ে, হাঁহ চুৰ কৰে, জনামতে উৰুকাৰ দিনা চুৰ কৰিলে আৰক্ষীয়েও গোচৰ নলয়। পিছদিনা পুৱা গাঁৱৰ বুঢ়ামেথা সকলে মিলি একেলগে মেজি সেৱা কৰে, নামকীৰ্ত্তন কৰে , জা-জলপান খায়। সৰুৱে ডাঙৰক সন্মান যাচে,জেষ্ঠজনৰ পৰা কনিষ্ঠজনে আশীৰ্বাদ গ্ৰহন কৰে। মেজিৰ তলত আৰ্শীবাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে।
অন্যহাতে গোলাঘাট জিলাৰ অন্তৰ্গত মৰঙিমৌজাৰ দৈগ্ৰোং অঞ্চলৰ কথা বৰ্তমান সুকীয়া। যোৱা ২০১৬ চনৰ পৰা বৃহৎ বন্যহস্তীৰ জাকে মৌজাটোৰ সিংহ ভাগ গাঁৱত উপদ্ৰৱ চলাই সাধাৰণ গঞা কৃষক ৰাইজক জ্বলা কলা দেখুৱাইছে। কৃষকৰ কৃষি পথাৰ নষ্ট কৰিছে। চৰকাৰ এই ক্ষেত্ৰত উদাসীন। নুমলিগড় শোধনাগাৰ কৰ্তৃপক্ষও গা এৰা দিয়া মনোভাৱ পোষন কৰা পৰিলক্ষিত হৈছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰঙি আঞ্চলিক সমিতি আদি সংগঠনে দৰিদ্ৰ কৃষকৰ স্বাৰ্থত মাত মাতি আহিছে যদিও সুফল লাভকৰা নাই। আমি এই অঞ্চলতে জন্ম লাভকৰি অৰ্ধশতাধিক বৰ্ষ অতিক্ৰম কৰিলোঁ। যদিও বন্যহস্তীৰ এনে পৰিবেশ দেখা নাছিলোঁ। নব্বৈ দশকত নুমলীগড় শোধনাগাৰ স্থাপন আৰু চৰকাৰৰ অমনোযোগিতাৰ ফলতেই হস্তী মানুহৰ সংঘাট মৰঙিমৌজাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমান অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক ৰাইজৰ মেজিৰ ওচৰত ভোজভাত খাবলৈ ঘৰুৱা ভাবে উৎপাদিত শস্যৰ অভাৱ। চৰকাৰে বিনামূলীয়া চাউল যোগান ধৰি থকাৰ বাবে কিছুলোকে সমস্যাটোৰ প্ৰতি আওকাণ কৰি থকাযেন আমাৰ অনুভৱ হয়। অদুৰ ভবিষ্যতে চাউল বন্ধ হ’লে জুইকুৰা নিশ্চয় দপদপাই জ্বলিব।
বিহু অসমৰ জাতীয় উৎসৱ। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কাম সমুহীয়া ভাৱে হয়। সমাজৰ ঐক্যভাৱ বৃদ্ধি কৰে। বয়ন শিল্প খেল-ধেমালি আদিৰ উন্নতি সাধন হয়। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে নিজস্ব পৰিচয় বহন কৰি আহিছে । আমি মৰঙি তথা দৈগ্ৰোংবাসী ৰাইজে বন্যহস্তীৰ সমস্যাক প্ৰত্যাহ্বান জনাই ভোগালীবিহুৰ পৰম্পৰাক জীয়াই ৰাখিব লাগিব। চৰকাৰী কতৃপক্ষয়ও বন্যহস্তীৰ সমস্যাৰ প্ৰতি মনোযোগ দি ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰিলে নিশ্চয় ভাল হ’ব। চৰকাৰে ইচ্ছা কৰিলে কৰিব নোৱাৰা কাম একোনাই বুলি ভবাৰ থল আছে।
লেখকৰ ঠিকনা: মিৰিপথাৰ গাঁও,দৈগ্ৰোং