উপহাৰ
■ নৱনীতা বৰুৱা দত্ত
পুৱা সোনকালে উঠি বাহি বন কৰি গাটো ধুই পদ্মাই গুৰু সেৱাৰ নিমিত্তে ভগৱানৰ ফটোৰ ওচৰত ধূপ দুডাল জ্বলাই, গুজিবলৈ লৈছে মাথোঁ। বেৰখনৰ সিপাৰৰ পৰা ককৰ্শ কণ্ঠস্বৰে তাইৰ বুকুত খুন্দা মাৰিলেই।
“ইমান ক’লোঁ আন এজনী বিয়া পাত পো-ৱে মোৰ কথা শুনিলেহে! সেই চ’লি খৰি চটাত আছে কি? কিহৰ বাবে মৰি আছ কাঠবাজি জনীৰ লগত? হেৰ’ জগতত ছোৱালী নোহোৱা হৈছেনে?”
পদ্মাৰ শাহুৱেকে এনেদৰে অনৰ্গল ভোৰ ভোৰাবলৈ আৰম্ভ কৰিলেই। অৱশ্যে এইয়া নতুন কথা নহয়। প্ৰত্যেক দিনেই এনেবোৰ কথা শুনি শুনি পদ্মা অভ্যস্ত হৈ পৰিছে। পদ্মাই ধূপ দুডাল ফটোখনৰ কাষত গুজি, একান্ত ভাৱে ভগৱানক ক’লে,”প্ৰভু মোক কৃপা কৰা। শাহু আইৰ কথাৰে থকা সৰকা কৰা বুকুখন এফালৰ পৰা ক’লা হৈ আহিছে প্ৰভু, মই সহিব নোৱাৰা হৈছোঁ। মোক এটি সন্তান দিয়া…. । অন্ততঃ মৰম কৰিবলৈ হ’লেও হ’ব।”
এনেকৈ কৈ পদ্মাৰ দুগালে দুধাৰি লোতক নিগৰি আহিল। তাই কোনোমতে চম্ভালি চলচলীয়া চকুযোৰেৰে পাকঘৰ পালেগৈ। তাই নিজৰ কামত মন দিলে।
শাহুৱেকে চাহ-জলপান খাই চুবুৰীৰ এঘৰলৈ বুলি ওলাই গ’ল….। সেই সময়চোৱা পদ্মাৰ শান্তিৰ আৰু শ্বস্তিৰ নিশ্বাস পেলাব পৰা সময়। তেনেতে হঠাতে তাই এগৰাকী মহিলা এটি সন্তান সহ সিহঁতৰ পদুলিৰ শেৱালি জোপাৰ তলত জিৰণি লোৱা দেখা পালে। আঁতৰৰ পৰাই ধক ধকীয়া বগা শৰৎ নিশা আকাশত উজ্জ্বলি থকা জোনবাইৰ দৰে মুখমণ্ডল, শকত আবত সুন্দৰ দেৱশিশুটি দেখি পদ্মা ৰ’ব নোৱাৰিলে। তাই মহিলাগৰাকীৰ ওচৰলৈ গৈ শুধিলে, “তুমি কোন? ক’ৰ পৰা আহিছা?”
কিন্তু কি অদ্ভুত! মহিলা গৰাকীয়ে মুখেৰে মাত দিয়া নাই, মাথোঁ এটি বিকৃত হাঁহি মাৰিলে।পদ্মাই পুনৰ সুধিলে, “সন্তানটি তোমাৰ নহয় জানো? বৰ ধুনীয়া। ছোৱালী নে ল’ৰা?”
নাই কোনো উত্তৰ নাই। মাথোঁ মহিলাগৰাকীয়ে সুন্দৰ সুঠাম চেহেৰাৰ কেঁচুৱাটিলৈ ক্ৰোধ মূৰ্ত্তিৰে চাই আছিল, যেন তাই সন্তানটিক বলেৰেহে লৈ ফুৰিছে? ২)
পৰা হ’লে কাৰোবাক যেন দি ক’লেহেঁতেন- সন্তানটি তাইৰ যেন বোজা…! আউল বাউল চুলি, অপৰিপাটি সাজ পোচাক আৰু অস্বাভাৱিক আচৰণবোৰ দেখি পদ্মাৰ বুজিবলৈ বাকী নাথাকিল যে তাই মানসিক ভাৱে বিকাৰ গ্ৰস্ত এগৰাকী মহিলা। নহ’লে তাই সন্তানটিৰ হিয়া ভগা ভোকাতুৰ কান্দোনত বুকুৰ পিয়াহ খুওৱা নাই কিয়?
পদ্মাই জীৱনত আটাইতকৈ বেছি ভাল পাইছিল শিশু। শিশুপ্ৰেমী মন আৰু মাতৃহীনতা, আকুলতা ভৰা হৃদয়খনে ৰ’ই থাকিব নোৱাৰিলে, তাই ক’লে, “কেঁচুৱাটি মোক দিবানে?”
হঠাতে চক্ খোৱাৰ দৰে হৈ মহিলাগৰাকীয়ে এটি তৃপ্তিৰ হাঁহি মাৰি সন্তানটি পদ্মাক গতাই দি তাই তাৰ পৰা উধাও হ’ল। পদ্মাইও কনমাণিটি বুকুৰ মাজত সজোৰে সাৱটি ধৰি এক অবুজ শান্তি অনুভৱ কৰিলে। তাই কেঁচুৱাটিক আনি গা-পা ধুৱাই চাফা কাপোৰেৰে মেৰিয়াই দুধদানীৰে গাখীৰ পানী খুৱাই বিচনাত শুৱাই থ’লে।কনমাণিটিৱেও নিদ্ৰাদেৱীৰ কোলাত নিজকে আলফুলে এৰি দিলে। পদ্মাই কনমাণিটিৰ মনোমোহা দৃষ্টিনন্দন ৰূপদেখি প্ৰাণভৰি একেথৰে চাই চাই সপোন সাগৰত বিলীন হ’ল।
“অ’ এইটো কাৰ কেঁচুৱা…..” হঠাৎ কাৰোবাৰ মাতত পদ্মা থত্ মত খালে। দেখিলে শাহুৱেক আহিল। তাই ভয়তে অস্পষ্ট কণ্ঠেৰে ক’লে, “মা, শিশুটি ল’ৰাসন্তান, ম….মই ইয়াক তুলি ল’ম মা”
“কি ক’লি?? বাটৰুৱা কেঁচুৱা আনি মোৰ ঘৰত সুমুৱাই থৈছ! তই জাননে? এইটো কি জাতিৰ …..? জাননে এইটো কেনেদৰে জন্ম হোৱা…? চুৱা নিকাৰ বাচ বিচাৰ নাই, জাৰজ নে কি কোনো ঠিক নাই, অশৌচ গৈছেনে নাই তাকো জানোতা নাই। তাই কেঁচুৱা তোলে? খালে খালে মোৰ ঘৰখন শেষ কৰি দিলে। এতিয়া মই প্ৰায়শ্চিত হ’ব লাগিব যেন পাওঁ। এই কুলক্ষণীজনীয়ে মোৰ ল’ৰাটোৰ জীৱনটোৰ লগতে মোকো শেষ কৰোঁ বুলি আহিলে।”
শাহুৱেকে ক্ষন্তেক ৰৈ আকৌ একেদৰেই আঙুলি টোৱাঁই পদ্মাক উদ্দেশ্যি গালি পাৰিবলৈ ধৰিলে, “এতিয়াই য’ৰ পৰা আনিছিলি এইটো থৈ আহগৈ নহ’লে তইও এইখন ঘৰৰপৰা ওলাই যাব লাগিব।”
পদ্মাৰ মূৰত যেন আকাশখনহে খহি পৰিল। তাই কান্দি কান্দি শাহুৱেকৰ ভৰিত ধৰি ক’লে, “মা.. এটি দেৱশিশুক জাতিভেদৰ বিচাৰ নকৰিব মা। এই সন্তান এখিলা বগা কাগজৰ দৰে। এই নৱজাত ভগৱানৰেই দান। তাৰ দেহা একেই তেজ মঙহৰে গঠিত, ঠিক আমাৰ দৰে। তাৰ গাত ঈশ্বৰ আছে মা!”
শাহুৱেকে পদ্মাৰ কথাক ভেঙুচালি কৰি অতি উচ্চ কণ্ঠস্বৰে ক’লে, “মুঠৰ ওপৰত মোৰ ঘৰ চুৱা হোৱা আগেয়ে কেঁচুৱা মোৰ ঘৰৰ পৰা উলিয়াই নে।”
পদ্মা বাউলি হৈ গৈছে, তথাপি তাই শাহুৱেকক বুজাবলৈ চেষ্টা কৰিছে, “মা! এটি দেৱশিশু চুৱা হ’ব নোৱাৰে। চুৱা হৈছে এই অন্ধবিশ্বাস আৰু কু কৰ্মবোৰ। যেনেকৈ জল আৰু দুগ্ধক কোনেও চুৱা কৰিব নোৱাৰে এই দেৱশিশুক কোনেও চুৱা আখ্যা দিব নোৱাৰে।”
এইবাৰ শাহুৱেক কিছু লজ্জিত হৈ ক’লে, “নীতি শিক্ষা দিব নালাগে, হুঁঃ …. !” এই বুলি কৈ শাহুৱেক আঁতৰি গ’ল। পদ্মাই সন্তানটিৰ মুখলৈ চাই হুক হুকাই কান্দি থাকিল।
ৰাতিটো কনমাণিটোক লৈ পদ্মাই কান্দি কান্দিয়েই পাৰ কৰিলে। অৱশ্যে পদ্মাৰ স্বামীৰ কোনো আপত্তি নাছিল। তথাপি মাকৰ কথাত মাত মতাৰ সাহস নাই।পুৱা কেঁচুৱাটি সাৰপোৱাৰ আগেয়ে পদ্মাই কাম কাজ কৰি আজৰি হ’ল। তাই ভাবিছে, “কি কৰিম, কেঁচুৱাটো কাক দিম। মাক বা আজি এইফালেদি আহেনে নাহে! আহিলেও কেনেকৈ ওভতাই দিম!কিন্তু শাহুমায়েতু কোনো পধ্যেই মানি নলয়।”
ঠিক সেইদৰে ভাবি ভাবি খিৰীকিৰে পৰ্দাখন দাঙি ভুমুকিয়াই চাওঁতে দেখে মহিলাগৰাকী এই বাটেৰে আহি আছে। পদ্মাৰ বুকুখন ঢক্ ঢক্ কৰি উঠিল, তাই নিজকে নিজেই ক’লে, “মই কি কৰোঁ এতিয়া?”
তাই এবাৰ সন্তানটিৰ মুখলৈ চাই আনবাৰ মাকলৈ। ইমান ধুনীয়া কেঁচুৱাটি … তাই ভাবিছিল, এইয়া ভগবানে তাইৰ প্ৰাৰ্থনা শুনি তাইক এই উপহাৰ দিছে, কিন্তু এই উপহাৰ চকুৰ আগতে ধ্বংস হৈ যাবলৈ দিয়ে কেনেকৈ? তাইৰ বুকুখন গধুৰ হৈ গৈছে। বুকুৰ মাজৰ পৰা তাক কেনেকৈ পঠিয়াই দিয়ে? হঠাত দেখিলে মহিলা গৰাকী ওচৰেই পালেহি। “অহ্ মই কি কৰোঁ প্ৰভু?”
তাইৰ ধাৰ্মিক মনটোৱে নেদেখাজনক উদ্দেশ্যি প্ৰশ্ন কৰিলে।তাই ভাবিলে, “যদি ইয়াৰ বাবে মই এইখন ঘৰৰপৰা ওলাই যাব লগা হয়! স্বামীৰ পৰা পৃথক হ’ব লগা হয়! নাই নাই শাহুআইৰ অত্যাচাৰ আৰু অসহ্য কৰা নহ’ব।”
এইবুলি তাই দেৱশিশুটিৰ কনমাণি ভৰি দুটিত ধৰি এটি সেৱা জনালে। তাৰ পিছত তাক মাকৰ ওচৰলৈ বুলি উলিয়াই নিলে।মহিলাগৰাকীয়ে কেঁচুৱাটিৰ সৈতে পদ্মাক পথৰ দাঁতিত দেখি কিবাকিবি মুখৰে বকিবলৈ ল’লে। “ৰ’বাচোন তোমাৰ সন্তানটি লৈ যোৱা। মোক বেয়া নাপাবা, মই ইয়াক ৰাখিব নোৱাৰিম”।
কিন্তু সন্তানটি নিবলৈ মানুহগৰাকী অমান্তি হ’ল। বলেৰে তাইৰ কোচত গুজি দিয়া দেখি পদ্মালৈ তীক্ষ্ণ দৃষ্টিৰে চাই ক্ৰোধ মুৰ্তিৰে মৰমলগা কনমাণিটিৰ ডিঙিটোত ধৰি আঁজুৰি বাহুত পেলাই ল’লে আৰু পদ্মাক কিবা বুজিব নোৱাৰা শব্দৰে গালি পাৰি খৰ খোজেৰে আগবাঢ়িল।
পদ্মাই মনৰ দুখত তাইলৈকে চাই পথৰ দাঁতিত ৰৈ থাকিল, কিন্তু হঠাত এইয়া কি? পদ্মা হতভম্ব হ’ল। পদ্মাই কল্পনা কৰিব নোৱাৰা এটা কৰুণ বাস্তৱ ঘটনা তাইৰ চকুৰ আগতেই ঘটিল। পদ্মাহঁতৰ ঘৰৰ পৰা অলপ আগত এখন বাহঁনি আছিল। বাঁহনিৰ ভিতৰ অংশ ডাঠ যদিও সমুখ ভাগ কটা বাহঁৰ মূঢ়াৰে ভৰপূৰ। মহিলা গৰাকীয়ে সেই ঠাইডোখৰৰ ওচৰত এটা বিকৃত হাঁহি মাৰিলে লগে লগে এটা কাণত সহিব নোৱাৰা অদ্ভুত শব্দ ভাঁহি আহিল। পদ্মাই তাইলৈ দৃষ্টি নিক্ষেপ কৰি দেখিলে তাইৰ হাতত সন্তানটি নাই..! পদ্মা থৰ হৈ ৰৈ গ’ল। তাইৰ বুজিবলৈ বাকী নাথাকিল। কাষেৰে পাৰহৈ যোৱা দুজন চাইকেল আৰোহীয়ে কথাপাতি যোৱা শুনিলে, ” ইমান আচৰিত কাণ্ড মই কোনোদিনেই দেখা নাই বুজিছ, মহিলা গৰাকীয়ে কেনেকৈ নিজ সন্তানক বাঁহনিলৈ দলিয়াই দিলে।”
পদ্মাৰ যেন কাণখনত কোনোবাই কুঠাৰাঘাট কৰিলে, তাইৰ মুখৰ বাকশক্তি স্তব্ধ হৈ গ’ল…, তাইৰ…. তাইৰ চকুযোৰৰ আগত এচাটি ক’লা ডাৱৰে আৱৰি ধৰিলে। লগে লগে সেই ঠাইতে ঢলি পৰিল…..
ঠিকনা: দৈগ্ৰোং,গোলাঘাট
ফোন:91014 89263