আঘোণৰ পকাধানে মাতে ৰিঙিয়াই..
প্ৰস্তুতি দাস
আঘোণ মানেই সোণোৱালী আৰু এই সোণোৱালী ৰঙে ৰঙীণ কৰি তোলে প্ৰত্যেকৰে মন। আঘোণৰ এই নৈসর্গিক সৌন্দর্য কেৱল সোণালী ধাননিৰ মাজতে সীমাবদ্ধ নহয়, আঘোণৰ কুঁৱলীসনা মনোমোহা পুৱাবোৰৰো আছে এক অনন্য মাদকতা। আঘোণ মানেই চৌদিশে কেৱল কুঁৱলী আৰু কুঁৱলী। কুঁৱলীৰ ঘন ঘন টোপালবোৰ যেতিয়া নিয়ৰ হৈ সৰে আঘোণৰ সোণালী বুকুত, কুঁৱলীয়ে বাট ভেটি ধৰে।সেই কুঁৱলীতে আকৌ কোনো কবিৰ পথাৰত ধান দাই থকা সেউতীজনী হেৰাই থাকে।
“আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি একোকে নমনি …।”
আঘোণৰ কুঁৱলীয়ে সেমেকাই তোলে বাট-পথ, সোণগুটিৰ পথাৰ। ক্রমশঃ শীতৰ শিহৰণ জাগে ধৰাৰ বুকুত আঘোণে গোপনে কাণে কাণে কয় শীত আগমনৰ কথা। পুৱাৰ সূৰুযৰ কিৰণৰ হালধীয়া হাঁহিত তন্দ্ৰা ভাগে পক্ষীকুলৰ। পক্ষীকুলৰ কল্কলনিত সাৰ পাই বৰ্ণিল পুৱাবোৰ আৰু সোণোৱালী প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। টোপ টোপকৈ সৰি পৰা নিয়ৰৰ চেঁচা টোপালত ঠন ধৰি উঠা দুবৰিবোৰো যেন কঁপি উঠে। কুঁৱলীয়ে ছানি ধৰে নীলিম আকাশ। কুঁৱলীৰ ডাঠ আস্বাদন ফালি ৰঙীন সুৰুযে কিৰণ ছটিয়াই ধৰাৰ বুকুত, কিৰণৰ স্পৰ্শত নিয়ৰসনা সোণগুটিবোৰ মুকুতা হৈ জিলিকি উঠে আঘোণৰ পথাৰত।আঘোণত কাতিৰ শস্য-শ্যামলা পথাৰখন হৈ পৰে সোণোৱালী। আহিন কাতিত পূৰঠ হোৱা কৃষকৰ সপোনবোৰ আঘোণত পৰিপূর্ণ হয়। আঘোণ আহে এক নব-সম্ভাৱনাৰে। আঘোণে দিঠক সানে সপোনত ।আঘোণ অহা মাত্রকেই সেউজীয়া পথাৰখনে বৰণ সলাই ধৰা দিয়ে এজনী চঞ্চলা গাভৰুৰ ৰূপত । সোণগুটিৰ ভৰ সহিব নোৱাৰি ধানৰ থোকবোৰ হাউলি পৰে তললৈ, যেন ভৰ যৌৱনা লাজুকী গাভৰুজনীহে। আঘোণৰ এনে ভৰুণ পথাৰৰ ৰূপ দেখি সেয়েহে কৃষকেও সমূলি পাহৰি যায় আহাৰ-শাওণ মাহত কপালৰ ঘাম মাটিত পেলাই ৰ’দ-বৰষুণ একাকাৰ কৰি পথাৰত কৰা শ্ৰমৰ কথা। সেয়ে হয়তো আঘোণৰ লহ্পহীয়া সোণগুটিৰ পথাৰখনেও কৃষকৰ সমস্ত দুখ ভাগৰ শ্ৰম কাঢ়ি তেওঁলোকৰ জীৱনলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনে আৰু ওঁঠত বিৰিঙাই তোলে এমোকোৰা প্ৰাপ্তিৰ হাঁহি।
আঘোণ কৃষকৰ সোণালী সপোন। সেয়েহে কৃষকৰ সপোনবোৰ দিঠক হয় এই আঘোণতে। জীয়াই থকাৰ অদম্য হেঁপাহ আৰু সফলতাৰ উৎস আঘোণ। আঘোণে কৃষকৰ উদং ভঁৰালত সোণগুটিৰ লখিমীৰে ওপচাই তোলে অনাগত ভবিষ্যতৰ বাবে।আঘোণত জিলিকে সোণগুটিৰ পথাৰখন। ৰিব্ ৰিব্ মলয়াৰ বা ছাটিত হালে- জালে জহা, ৰণজিৎ, সুৱাগমণি, মাণিক-মধুৰী, বৰা, তবাবাও, তুলসীবাও, আইজং, মনোহৰ, মাগুৰিৰ দৰে কিমান যে ধান। ৰ’দত তিৰ্বিৰাই থকা এই পকা পকা ধানবোৰ খাবলৈ দূৰ- দূৰণিৰ পৰা পখীবোৰ আহে। জাক জাক ভাটো, বালিমাহীবোৰে ধাননিৰ ওপৰেৰে নাচি-বাগি সোণগুটিবোৰ খাই সুললিত কণ্ঠেৰে আঘোণৰ গীত জোৰে। মনোমোহা সেই দৃশ্য দেখি মনত পৰে ৰুদ্ৰ বৰুৱাৰ সেই কালজয়ী গীতটোলৈ —”পকা ধানৰ মাজে মাজে সৰু সৰু আলি অ’
আলিত বহি গীত জুৰে জাক বালিমাহী
সৰু সৰু আলি অ’…”
আঘোণ অসমৰ জনজীৱনৰ এক ব্যস্ততাপূর্ণ মাহ,বিশেষকৈ কৃষি-নির্ভৰ লোকসকলৰ বাবে। সেয়েহে আঘোণ আহি পদূলিমূখ পালেই দাৱনীজাকৰো সময় হয় পকা পকা সোণগুটিবোৰ চপোৱাৰ, সোণোৱালী পথাৰখনেও যেন হাত বাউল দি মাতে ৰাংঢালী ৰূপহী দাৱনীজাকক। সেয়েহে ভাল দিন-বাৰ চাই আগধান অনা পৰ্ব শেষ কৰে আৰু আগধান অনা পর্ব শেষ হ’লেই হাতত কাচি লৈ দাৱনীজাক আগবাঢ়ে সৰু সৰু আলিয়েদি ধাননিডৰাৰ কাষলৈ। সোণগুটি চপোৱাৰ হেঁপাহত ধানৰ মূৰত সেৱা জনাই মুঠি মুঠিকে কাটি যায় পকা পকা ধানবোৰ। লগে লগে গীত-মাত, কথাৰ মেল, হাঁহি-খিকিন্দালিৰে মুখৰ হৈ পৰে আঘোণৰ পথাৰ। দাৱনীৰ লিহিৰি হাতৰ পৰশত যেন সোণগুটিবোৰ নাচি উঠে। ব্যস্ততাৰ সীমা নোহোৱা হয় দাৱনীজাকৰ দূৰৰ পৰাই শুনা যায় কাচিৰ কেচ্ কেচ্ শব্দ। মুখত এমোকোৰা তামোলেৰে ওঁঠ ৰঙা কৰি আকৌ লাগি যায় ধান কটাত। ভাগৰ লাগিলে ৰ’দ- কাঁচিয়লিত বহি জলফাই, ৰবাবটেঙাৰ জুতি লোৱা আৰু কত যে কি। সেই ছলতে পাহুৱাল ডেকাহঁতেও দুয়োকাষে ধানৰ ডাঙৰি বান্ধি ঘৰলৈ ওভতোতে সুহুৰি মাৰি জোকাই যায় দাৱনীজাকক। দাৱনীহঁতেও মিচিকিয়াই হাঁহি মাৰি ৰ লাগি চাই লয় মনে মিলা ডেকাজনক। এনেকৈয়ে আঘোণৰ পথাৰত প্ৰেমৰ প্ৰকাশ হৈ কাৰোবাৰ মনৰ মিলন ঘটে। মুঠতে ক’বলৈ গ’লে সোণগুটি চপোৱাৰ এক উথপ্থপ পৰিৱেশে বিৰাজ কৰে আঘোণৰ পথাৰত।
এনেকৈয়ে লাহে লাহে নামি আহে আঘোণৰ আবেলিটো, আবেলিৰ আকাশেদি উৰি যোৱা জাক জাক পৰিভ্ৰমী পখীৰ উৰি যোৱা দৃশ্যই মনটোকো উৰুৱাই লৈ যায় বহু দূৰ-দিগন্তলৈ। বহু স্মৃতিয়েই ৰিঙিয়াই আঘোণৰ এই সময়ত। শৈশৱৰ সেই সোণালী দিনবোৰে বৰকৈ আমনি পৰে। স্কুলৰ পৰা আহি আবেলি লগৰীয়াবোৰৰ সৈতে আমিও হাতত এখন মোনা লৈ ধান কটা পথাৰবোৰত নৰাবোৰৰ মাজত লেছেৰি বুটলিবলৈ গৈছিলোঁ। কিন্তু বর্তমান লেছেৰি বোটলা সেই দৃশ্যও বিৰল হৈ পৰিল
সন্ধিয়া সূর্য অস্ত যোৱাৰ লগে লগে দাৱনীজাকো উভতে ঘৰলৈ বুলি। বাটত কুঁৱলীজাকে বাৰুকৈয়ে আমনি কৰে ৰাংঢালী-ৰূপহী দাৱনীহঁতক। কুঁৱলীৰ ঘন ঘন টোপালবোৰে সেমেকাই তোলে আবেলিৰ বাট-পথ আৰু সোণগুটিৰ পথাৰ। কুঁৱলীৰ ফাঁকে ফাঁকে ম’হৰ গাড়ী, গৰু গাড়ীত ধানৰ ডাঙৰি ভৰাই অনা দৃশ্য অতি মনোৰম । অৱশ্যে, এতিয়া সেই ঠাই টেক্টৰে ল’লে।
ভৰসাৰ থলী আঘোণে ভোগৰ সম্ভাৰ কঢ়িয়াই আনে, সেয়েহে আঘোণক ‘ভোগৰ মাহ” বুলি কোৱা হয়। কিয়নো আঘোণত পথাৰৰ ধানৰ লগতে বাৰীৰ শাক-পাচলি, পুখুৰীৰ মাছ, ইটো সিটো সামগ্ৰীৰে চৌদিশে উভৈনদী হৈ পৰে। ইফালে, আঘোণৰ ধান কটা পর্বও শেষ হয়। সেয়েহে নতুন ধানেৰে পৰিয়ালৰ লগতে আত্মীয়-স্বজন, মিতিৰ-কুটুম্ব সকলোৱে মিলি এসাঁজ লগে ভাগে খোৱাৰ প্ৰস্তুতি চলে যাক কোৱা হয় ন-খোৱা’ পর্ব। এই ন-খোৱা পৰ্বই সকলোৰে মাজত সম্প্রীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰে আৰু মৰম-স্নেহ অটুট ৰাখে।
এনেদৰেই আঘোণ আহে প্ৰতিবছৰে..বছৰে। প্ৰতিজন কৃষকৰ জীয়াই থকাৰ একমাত্ৰ সম্বল হৈ। আঘোণে প্রতিশ্রুতি আনে নৱ-জীৱনৰ। সেয়েহে আঘোণ প্রতিজন কৃষকৰ বাবে আশা-ভৰসা, কল্পনা আৰু সপোন।
লেখিকাৰ ঠিকনা:
আঁহতগুৰি,মৰিগাঁও
ফোন- ৮৪৭৩০৩৬৫৪৩
••• ••• ••• ••• ••• •••