জননেতা ভীমবৰ দেউৰী
তিলো সোনোৱাল
ৰাজনীতি ৰাষ্ট্ৰযন্ত্ৰৰ অপৰিহাৰ্য অংগ। তত্ৰাচ সাম্প্ৰতিক কালৰ একাংশ লোক ইয়াৰ প্ৰতি স্পৃহাশূন্য। সাম্প্ৰতিক কালৰ একাংশ ৰাজনৈতিক নেতাৰ অমাৰ্জিত আচৰণ, জ্ঞানশূন্যতা, অভিজ্ঞতাশূন্যতা , অনৈতিক কাৰ্য আদিয়ে এনে বাতাৱৰণ উদ্ভৱ কৰিছে। ৰাজনীতি কৰা লোকৰ ৰাজনৈতিক জ্ঞান আৰু নীতি – নৈতিকতা – আদৰ্শ থকা উচিত। নীতি, ৰাজনীতি, অৰ্থনীতি আদি লোকহিতৰ বাবেহে । কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ মতে, ” প্ৰকৃত ৰাজনৈতিক পন্ডিতে বা ৰাজনীতিবিদে কাকো অসন্মান নকৰে , এজন বালকৰো অৰ্থপূৰ্ণ বাক্য তেওঁ উপযুক্ত বুলি বিবেচনা কৰে।” ( ন কশ্চিদৱমন্যতে সৱৰ্স্য শৃনায়ান্মতম । বালস্যাপি অৰ্থবদবাক্য উপযুঞ্জিত পন্ডিত: ।। ) বিংশ শতিকাৰ ত্ৰিশ দশকৰ পৰা চল্লিশ দশকৰ অসমৰ ৰাজনৈতিক পথাৰখনত ভীমবৰ দেউৰী এজন প্ৰকৃত ৰাজনীতিবিদ আছিল। তেওঁৰ ৰাজনীতিত নীতি – নৈতিকতা- আদৰ্শ আছিল। তেওঁ নিকা , নিষ্ঠাৱান, আদৰ্শবান, দায়িত্বশীল সমাজসেৱক আৰু লোকহিতকৰ ৰাজনীতিবিদ আছিল। তেওঁৰ ধন-সম্পত্তি আৰু আড়ম্বৰৰ লালসা নাছিল।ভীমবৰ দেউৰীয়ে মনেৰে আৰু দেহেৰে কঠোৰ পৰিশ্ৰম কৰিছিল। এই প্ৰসংগত এটি সৰু উদাহৰণ হৈছে — মন্ত্ৰী হৈ বহু পৰিশ্ৰম কৰাৰ লগতে বহু ঠাইলৈ যাবলগীয়া হোৱাত আৰু স্বাস্থ্যৰ যত্ন লবলৈ সময় নোহোৱাত ভীমবৰ দেউৰীৰ স্বাস্থ্যৰ অৱনতি হয় আৰু সেই সময়ৰ দুৰাৰোগ্য বেমাৰ যক্ষ্মাত আক্ৰান্ত হয় । ভীমবৰ দেউৰীক শ্বিলঙৰ ৰিড চেষ্ট হস্পিটেলত ( Reid Chest Hospital, Shillong) চিকিৎসা কৰোৱা হয়। সেই সময়তে তেওঁ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু পদত্যাগপত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰি ৰাজহুৱাভাৱে কয় — ” শাৰীৰিকভাৱে অক্ষম হৈ পৰিছোঁ যেতিয়া চৰকাৰৰ পৰা বিনা পৰিশ্ৰমে টকা খাই বহি থকা অনুচিত। ” ১৯৪৭ চনৰ ১২ এপ্ৰিলত ৰাজ্যপালে তেওঁৰ পদত্যাগপত্ৰ গ্ৰহণ কৰে। সাম্প্ৰতিক কালৰ একাংশ মন্ত্ৰীয়ে এনে সময়ত পদত্যাগ নকৰি চৰকাৰী সা – সুবিধাহে গ্ৰহণ কৰা দেখা যায়। যক্ষ্মাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সময়তে তেওঁৰ সুযোগ্যা পত্নী কমলাৱতী দেউৰী আৰু আত্মীয়সকলে সন্তানৰ ভৱিষ্যতৰ কথা কৈ দুখ কৰোঁতে ভীমবৰ দেউৰীয়ে এষাৰ সোণসেৰীয়া কথা কৈছিল — ” মই সমূহ ৰাইজক লৈ গছ এজোপা ৰুলোঁ । সেই গছজোপাৰে ফল -মূল ভোগ কৰি সমূহ ৰাইজৰে ল’ৰা – ছোৱালী জীয়াই থাকিব আৰু প্ৰতিষ্ঠিত হ’ব। আমাৰ ল’ৰা – ছোৱালীও তাকে খাই জীয়াই থাকিব আৰু প্ৰতিষ্ঠিত হ’ব।” সেয়ে ভীমবৰ দেউৰী প্ৰকৃতাৰ্থত এজন জননেতা বা জননায়ক ।
১৯৪৬ চনৰ ছেপ্টেম্বৰ মাহত ভীমবৰ দেউৰীয়ে গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ এজন মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁৰ দপ্তৰ আছিল বন আৰু শ্ৰম। মন্ত্ৰী হৈয়ে তেওঁ ওপজা আৰু শিক্ষা গ্ৰহণৰ নগৰ শিৱসাগৰলৈ আহে। এই উপলক্ষে শিৱসাগৰ বডিং ফিল্ডত এখন ডাঙৰ ৰাজহুৱা সভা হৈছিল। মন্ত্ৰী ভীমবৰ দেউৰীয়ে যথা সময়ত মঞ্চৰ আসনত বহি দেখিলে যে, সভাস্হলীত প্ৰায় ৭৫ বছৰীয়া এজন বৃদ্ধ বহি আছে । সেইজন তেওঁক প্ৰাথমিক স্কুলত পঢ়োৱা শিক্ষক। তেওঁ লগে লগে আসনৰ পৰা উঠি শিক্ষকজনৰ কাষ পালেগৈ আৰু নমস্কাৰ জনাই মঞ্চলৈ আদৰি আনিলে। মন্ত্ৰী ভীমবৰ দেউৰীয়ে শিক্ষজনক নিজৰ আসনত বহুৱালে আৰু নিজে থিয় হৈ থাকিল। লগে লগে এজন বিষয়াই মন্ত্ৰীলৈ আন এখন আসন আগবঢ়াই দিলে যদিও তেওঁ নবহি থিয় হৈ থাকিল। শিক্ষকজনে কোৱাতহে তেওঁ বহিল । এই কথা -কান্ডই সকলোকে আচৰিত কৰিছিল আৰু আটায়ে ভেবা লাগি চাই আছিল। এই ব্যতিক্ৰমী কথা – কান্ডই ভীমবৰ দেউৰীৰ শিক্ষা গুৰুৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু মহানুভৱতা প্ৰকাশ পাইছে।
কিন্তু ভীমবৰ দেউৰীৰ কাৰ্যাৱলী, জীৱন দৰ্শন আৰু প্ৰাসংগিকতা প্ৰায় চাৰি দশক উপেক্ষিত হৈ অগোচৰে থাকি গৈছিল। তেওঁৰ বিষয়ে চিন্তা – চৰ্চা সামগ্ৰীকভাৱে বহুল ভিত্তিত হোৱা নাছিল । স্বগোষ্ঠীৰ মাজত যি হৈছিল, সেয়া সন্তোষজনক নাছিল বুলি বহুতে কয় । একাংশ সভাত তেওঁ কানি নিবাৰণ কৰা নেতা আৰু উকীল বুলিহে আলোচিত তথা চৰ্চিত হৈছিল । ২০০২ – ২০০৩ বৰ্ষত বৰ্ষজোৰা কাৰ্যসূচীৰে পালন কৰা ভীমবৰ দেউৰীৰ জন্ম শতবৰ্ষৰ পৰাহে তেওঁৰ বিষয়ক চিন্তা -চৰ্চা তথা প্ৰাসংগিকতাই আশাপ্ৰদ গতি লাভ কৰে । এই শতবৰ্ষৰ উদ্যোগ লৈছিল দেউৰী সাহিত্য সভা , সদৌ অসম দেউৰী ছাত্ৰ সন্থা আৰু অসমৰ কেইজনমান প্ৰগতিশীল মনোভাৱাপন্ন লেখক আৰু বুদ্ধিজীৱীয়ে। এই লেখক – বুদ্ধিজীৱিসকল হ’ল ড০ হীৰেন গোহাঁই, মেদিনী চৌধুৰী, ইন্দিবৰ দেউৰী ( ভীমবৰ দেউৰীৰ তৃতীয় পুত্ৰ) , উদয়াদিত্য ভৰালী, ড০ পৰমানন্দ মজুমদাৰ, ড০দেৱব্ৰত শৰ্মা, অখিল গগৈ আদি ।
লেখকৰ ঠিকনা:
বৰহোলা, যোৰহাট,
পিন ৭৮৫৬৩১
ফ’ন ৮৪৭২৮৬৫৭৭৭ ,