জনসংখ্যা বৃদ্ধি আশীৰ্বাদ নে অভিশাপ?
আদিত্য বৰা
THE GREATEST THREAT TO HUMAN EXISTENCE IS OUR OWN LACK OF ABILITY TO CONTROL OUR OWN GROWTH.
জনসংখ্যা বৃদ্ধি আশীর্বাদ নে অভিশাপ? যোৱা ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস উপলক্ষে ‘দ্য ৱল্ড পপুলেচন প্রছপেক্টছ ২০২২” শীর্ষক ৰাষ্ট্রসংঘৰ প্ৰতিবেদনত ১৫ নৱেম্বৰত বিশ্বৰ জনসংখ্যাই ৮০০ কোটি অতিক্রম কৰিলে। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে ১৯৭৪ চনত বিশ্বৰ জনসংখ্যা আছিল ৪০০ কোটি, ২০১১ চনত ই হয়গৈ ৭০০ কোটি । যোৱা ১১ বছৰতেই বিশ্বত জনসংখ্যা বৃদ্ধি হ’ল প্রায় ১০০ কোটি। এই দ্রুত জনসংখ্যা বৃদ্ধি আশীৰ্বাদ নে অভিশাপ, বর্তমান সময়ত ই এটা ডাঙৰ প্ৰশ্ন।
‘দ্য ৱর্ল্ড পপুলেচন প্রছপেক্টাছ ২০২২ শীর্ষক উক্ত প্রতিবেদন অনুসৰি অহা ২০৩০ বর্ষলৈ বিশ্বৰ জনসংখ্যা ৮৫০ কোটিলৈ বৃদ্ধি পাব আৰু ২০৫০ বর্ষত এই সংখ্যা হ’বগৈ প্রায় ৯৭০ কোটি । অন্যহাতে উক্ত প্ৰতিবেদন অনুসৰি ২০২৩ বৰ্ষত ভাৰতৰ জনসংখ্যাই চীনক অতিক্রম কৰি ভাৰত হ’বগৈ বিশ্বৰ সর্ববৃহৎ জনবহুল দেশ। এইয়া ভাৰতৰ বাবে শুভ লক্ষণ নে? বিশ্বৰ প্রায় ২৯% মানুহৰ বাসভূমি হৈছে দক্ষিণ পূব এছিয়া, অকল পূর্ব এছিয়াতেই ২৬% লোকে বসবাস কৰে।
জনসংখ্যাৰ এনে বৃদ্ধিয়ে নিশ্চিত ভাৱে উন্নয়নশীল দেশৰ বাবে বিভিন্ন সমস্যা আনিব যেনে- খাদ্য , বাসস্হান, কর্মসংস্থাপন ইত্যাদিৰ সমস্যাই তীব্র ৰূপ ল’ব। অৱশ্যে বর্তমান সময়ত ইউৰোপীয় দেশসমূহত জনসংখ্যা হ্রাস হে হৈছে। ভিন্ন দেশে জনসংখ্যা বৃদ্ধিক আশীৰ্বাদ হিচাপে লৈ জনসংখ্যা বৃদ্ধিৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰিছে । চীনে এক সন্তানৰ নীতি পৰিহাৰ কৰিছে। উন্নতদেশৰ বাবে জনসংখ্যা বৃদ্ধি আশাব্যঞ্জক ঘটনা যদিও ভাৰতৰ দৰে উন্নয়নশীল দেশৰ বাবে জনসংখ্যা বৃদ্ধি কেতিয়াও ভাল হ’ব নোৱাৰে । চৰকাৰে জনসংখ্যা বৃদ্ধি নিয়ন্ত্রণৰ বাবে ফলপ্রসূ আচনি গ্রহণ আৰু ভালদৰে ৰূপায়ণ কৰি সমস্যাটোৰ লগত মোকাবিলা কৰিব লাগে।
ঠিকনা: ৰাজনীতি বিজ্ঞান বিভাগ, ডিব্রুগড় বিশ্ববিদ্যালয়, ফোন-৬০০০১২৬৩৯১