ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ নিৰ্মাণ আৰু ব্যৱহাৰ…
♦প্ৰশান্ত কুমাৰ কলিতা
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বাবে ভাৰতীয় মানক নিৰ্দিষ্টকৰণ
(Indian Standard Specification for the National Flag of India)
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ নিৰ্মাণ সম্বন্ধীয় কথাবোৰ “ভাৰতীয় মানক সংস্থা”ৰ (Bureau of Indian Standards) দ্বাৰা প্ৰকাশিত “ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বাবে ভাৰতীয় মানক নিৰ্দিষ্টকৰণ”ৰ (Indian Standard Specification for the National Flag of India) দ্বাৰা নিৰ্দ্ধাৰণ কৰা হৈছিল ৷ ইয়াত পতাকাৰ ডিজাইন, ৰং, উপাদান, চিলাই কাৰ্যত ব্যৱহাৰ কৰা সূতা, টগল, অশোক চক্ৰৰ জোখ মাখ ইত্যাদিৰ বিশদ নিৰ্দেশনা আছে ৷ ইয়াত বিশেষভাৱে উল্লেখনীয় বিষয়টো হৈছে ৰাষ্ট্ৰীয় পতাকাত ব্যৱহৃত ৰং সম্বন্ধীয় নিৰ্দেশনা ৷
আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ মাজত সাধাৰণতে প্ৰচলিত ৰং কেইটা হৈছে গেৰুৱা, বগা আৰু সেউজীয়া ৷ মাজত নীলা ৰঙৰ অশোক চক্ৰ ৷ “ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ বাবে ভাৰতীয় মানক নিৰ্দিষ্টকৰণ” নিৰ্দেশনাত এই ৰং কেইটা ভাৰতৰ গেৰুৱা (India saffron; Kesari), ভাৰতৰ সেইজীয়া (India green) আৰু গাঢ় নীলা (Navy blue) বুলি উল্লেখ কৰা আছে ৷
এই সম্পৰ্কে থকা নিৰ্দেশনা কেইটা তলত উল্লেখ কৰা হ’ল …
৩.১.২.২ ৰাষ্ট্ৰীয় পতাকাৰ ৰং, অৰ্থাৎ গেৰুৱা (India saffron ; KESARI), সেউজীয়া (India green) আৰু গাঢ় নীলা (navy blue) ৷ সাধাৰণ দিনৰ পোহৰত পৰীক্ষা কৰিলে এই ৰং কেইটা কানপুৰত থকা বস্ত্ৰ আৰু বয়ন বিভাগৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়ত থকা ছীল-মোহৰ মাৰি ৰখা নিৰ্ধাৰিত মানৰ পতাকাৰ ৰঙৰ সৈতে মিল থাকিব লাগিব ।
টোকা – ১৯৪৭ চনৰ ২২ জুলাইত সংবিধান সভাৰ সন্মুখত উপস্থাপন কৰা পতাকাৰ বগা, গেৰুৱা (কেশৰী) আৰু সেউজীয়া ৰঙৰ স্পেক্ট্ৰ’ফ’ট’মেট্ৰিক মানসমূহ তেতিয়াৰ কানপুৰৰ কাৰিকৰী উন্নয়ন প্ৰতিষ্ঠা পৰীক্ষাগাৰ (ষ্ট’ৰছ) দ্বাৰা, ১৯৩১ চনৰ আন্তৰ্জাতিক আলোকসজ্জা আয়োগে নিৰ্দিষ্ট কৰা নিয়ম অনুসৰি আলোকসজ্জা-C (illuminant C ) ব্যৱহাৰ কৰি জুখিছিল ৷ (ইয়াৰ পৰা লাভ কৰা তথ্য সংলগ্ন চিত্ৰত দিয়া হৈছে)
পতাকাসমূহ নিৰ্মাণ কৰোতে ইয়াৰ ৰং সমূহ যিমান দূৰ সম্ভৱ ওপৰত উল্লেখ কৰা মানদণ্ডৰ ৰঙৰ সৈতে মিল থকাকৈ নিৰ্মাণ কৰা বাঞ্চনীয়। অৱশ্যে সকলো প্ৰকাৰৰ ব্যৱহাৰিক উদ্দেশ্যৰ বাবে, ছীল-মোহৰ মাৰি ৰখা পতাকাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাতো পৰ্যাপ্ত বুলি বিবেচনা কৰা হ’ব ৷
৪.৩ অশোক চক্ৰ – অশোক চক্ৰটো বিশেষভাৱে স্ক্ৰীণ প্ৰিণ্ট কৰা বা আনপ্ৰকাৰে প্ৰিন্ট কৰা বা ষ্টেনচিল কৰা বা IS:1803-1961 ৰ নং ৭ প্ৰকাৰ অনুসৰি গাঢ় নীলা ৰঙৰ এম্ব্ৰয়ডাৰী সূতাৰে উপযুক্তভাৱে এম্ব্ৰয়ডাৰী কৰা হ’ব লাগিব (বিৰঞ্জক কৰা বা ৰং কৰা কপাহী এম্ব্ৰয়ডাৰী সূতাৰ বাবে নিৰ্দেশনা ইতিমধ্যে সংশোধন কৰা হৈছে)
#ভাৰতৰ_পতাকা_সংহিতা – ২০০২
FLAG CODE OF INDIA 2002 (WITH AMENDMENTS)
জাতীয় পতাকাৰ ব্যৱহাৰ “ভাৰতৰ পতাকা সংহিতা” (Flag Code of India) আৰু ৰাষ্ট্ৰীয় প্ৰতীক সম্পৰ্কীয় অন্যান্য আইনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ৷ ২০০২ চনৰ আগলৈকে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ সংক্ৰান্তীয় নীতি নিয়ম সমূহ দুখন আইনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল ৷ সেই আইন দুখন হৈছে, Provisions of the Emblems and Names (Prevention of Improper Use) Act, 1950 (No. 12 of 1950) আৰু Prevention of Insults to National Honour Act, 1971 (No. 69 of 1971) ৷ “ভাৰতীয় পতাকা সংহিতা – ২০০২”ৰ (Flag Code of India 2002) দ্বাৰা ২০০২ চনৰ ২৬ জানুৱাৰীৰ পৰা সকলো নাগৰিকৰ সুবিধাৰ্থে ৰাষ্ট্ৰীয় পতাকা সংক্ৰান্তীয় সকলো বিলাক আইন, ৰীতি-নীতি, পদ্ধতি আৰু নিৰ্দেশনা একেলগ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছিল ৷
ভাৰতৰ পতাকা সংহিতা – ২০০২, মূলতে তিনিভাগত বিভক্ত ৷ প্ৰথম ভাগ – ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ সাধাৰণ বৰ্ণনা, দ্বিতীয় ভাগ – জনসাধাৰণ, ব্যক্তিগত অমুষ্ঠান – প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শনৰ বিষয়ে আৰু তৃতীয় ভাগ – ৰাষ্ট্ৰীয় চৰকাৰ বা ৰাজ্যিক চৰকাৰ আৰু ইয়াৰ অধীনৰ বিভিন্ন সংস্থা আৰু অনুষ্ঠান সমূহৰ ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শনৰ বিষয়ে ৷
বৰ্তমান আলোচনাত ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ সম্পৰ্কে ভাৰতৰ পতাকা সংহিতাত উল্লেখ থকা নিয়ম সমূহ সংশোধনৰ সৈতে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হৈছে ৷
প্ৰথম ভাগ :
দফা নং ১.২ : ৰাষ্ট্ৰীয় পতাকাখন কপাহ/পলিয়েষ্টাৰ/উল/ৰেচম খাদী কাপোৰেৰে হাতেৰে বোৱা আৰু তাঁতত বোৱা বা মেচিনত বনোৱা হ’ব লাগিব। (৩০ ডিচেম্বৰ ২০২১ তাৰিখে সংশোধন কৰা হৈছে)
১.৩ : ৰাষ্ট্ৰীয় পতাকা আয়তাকাৰ আকৃতিৰ হ’ব লাগিব। পতাকাৰ দৈৰ্ঘ্য আৰু উচ্চতা (প্ৰস্থ)ৰ অনুপাত হ’ব লাগিব ৩:২ ।
দ্বিতীয় ভাগ :
কোনো এজন ব্যক্তি, ব্যক্তিগত সংস্থা বা শিক্ষানুষ্ঠানৰ সদস্যই সকলো দিনতে আৰু সকলো উপলক্ষতে, আনুষ্ঠানিক বা অন্য কোনো কাৰণতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন বা প্ৰদৰ্শন কৰিব পাৰিব। ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা আৰু সন্মানৰ সৈতে সংগতিপূৰ্ণভাৱে –
(১) যেতিয়াই ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰা হয়, ইয়াক সন্মানৰ স্থানত ৰাখিব লাগে আৰু সুকীয়াকৈ স্থাপন কৰিব লাগে;
(২) নষ্ট হোৱা বা অপৰিপাটি পতাকা প্ৰদৰ্শন কৰিব নালাগে;
(৩) এখন পতাকা, আন কোনো পতাকা বা পতাকাসমূহৰ সৈতে একেলগে এটা যষ্টি বা খুটিৰ (masthead) পৰা উৰুৱাব নালাগে।
(৪) এই সংহিতাৰ তৃতীয় অংশৰ নৱম ধাৰাত থকা বিধান অনুসৰি তাত উল্লেখ থকা বাহনৰ বাহিৰে কোনো বাহনত পতাকা উৰুৱাব নালাগে;
(৫) যেতিয়া কোনো বক্তৃতাৰ মঞ্চত পতাকাখন প্ৰদৰ্শিত হয়, তেতিয়া বক্তাজনে দৰ্শকলৈ চাই থকা অৱস্থাত তেওঁৰ সোঁফালে বা বক্তাৰ ওপৰৰ ফালে বা পিছফালে দেৱালৰ ওপৰত সমানভাৱে চেপেটাকৈ উৰুৱাব লাগে;
(৬) যেতিয়া পতাকাখন এখন বেৰত চেপেটাকৈ আৰু অনুভূমিকভাৱে প্ৰদৰ্শন কৰা হয়, তেতিয়া গেৰুৱা অংশটো সকলোতকৈ ওপৰত থাকিব লাগে আৰু যেতিয়া উলম্বভাৱে প্ৰদৰ্শন কৰা হয়, তেতিয়া গেৰুৱা অংশটো পতাকাখনৰ সোঁফাললৈ থাকিব লাগে (অৰ্থাৎ পতাকাৰ ফালে চাই থকা ব্যক্তিজনৰ বাঁওফালে);
(৭) যিমান দূৰ পৰা যায়, পতাকাখন এই সংহিতাৰ প্ৰথম অংশত বৰ্ণনা কৰা নিৰ্দেশনাসমূহৰ লগত ৰজিতা খোৱা হ’ব লাগে ৷
(৮) ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত বা তাতকৈ অধিক উচ্চতাত বা আশে পাশে আন কোনো শোভাবৰ্ধনৰ বাবে ব্যৱহাৰ হোৱা পতাকা আদি থাকিব নালাগে ; আন কোনো ফুল, ফুলৰ মালা বা প্ৰতীককে আদি কৰি যি কোনো বস্তু পতাকা উত্তোলন কৰা খুটিটোত পতাকাৰ ওপৰত বা ওচৰত থাকিব নালাগে;
(৯) পতাকাখন কেতিয়াও ফেষ্টুন, অলংকাৰ বা শোভা বৰ্দ্ধনৰ বাবে ৰংচঙীয়া কাপোৰ হিচাপে বা আন কোনো কোনো ৰূপত বা সাজ- সজ্জাৰ বাবে ব্যৱহাৰ কৰিব নালাগে;
(১০) গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয়, সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান উপলক্ষে কাগজেৰে পতাকা নিৰ্মাণৰ বাবে জনসাধাৰনক ৰেহাই দিয়া হ’ব পাৰে৷ অৱশ্যে এনে কাগজৰ পতাকা অনুষ্ঠান সমাপ্ত হোৱাৰ পিছত দলিয়াই দিব নালাগে বা মাটিত পেলাব নালাগে। যিমান দূৰ সম্ভৱ, ইয়াক পতাকাৰ মৰ্যাদাৰ সৈতে সংগতি ৰাখি ব্যক্তিগতভাৱে নষ্ট কৰা উচিত;
(১১) পতাকাখন যেতিয়া মুকলিত বা ব্যক্তিগত গৃহত প্ৰদৰ্শন কৰা হয়, ইয়াক দিনে-নিশাই উৰুৱাই ৰাখিব পাৰিব; (১৯ জুলাই ২০২২ তাৰিখে সংশোধন কৰা হৈছে)
(১২) পতাকাখনৰ ক্ষতি হ’ব পৰাকৈ প্ৰদৰ্শন কৰিব নালাগে বা বান্ধি ৰাখিব নালাগে; আৰু
(১৩) যেতিয়া পতাকাখন ক্ষতিগ্ৰস্ত বা লেতেৰা হয়, তেতিয়া ইয়াক ব্যক্তিগতভাৱে সম্পূৰ্ণৰূপে নষ্ট কৰিব লাগে, দহন কৰি বা পতাকাৰ মৰ্যাদাৰ সৈতে সংগতিপূৰ্ণ মৰ্যদাৰে পতাকাখন নষ্ট কৰাতো বাঞ্চনীয় ৷ (সমাপ্ত)
“FLAG CODE OF INDIA 2002”ৰ বাবে তলৰ লিংকত ক্লিক কৰক :
https://www.mha.gov.in/sites/default/files/flagcodeofindia_070214.pdf
“Indian Standard Specification for the National Flag of India” ৰ বাবে তলৰ লিংকত ক্লিক কৰক : https://law.resource.org/pub/in/bis/S12/is.1.1968.pdf
“Indian Standard Specification for the National Flag of India”ত হোৱা পৰিবৰ্তনৰ বাবে তলৰ লিংকত ক্লিক কৰক :
http://164.100.105.198:8097/bisblog/index.php/a-brief-on-is-11968-specification-for-the-national-flag-of-india-cotton-khadi-second-revision/