শাওনৰ পথাৰ
উত্তৰা শইকীয়া
লাস্যময়ী দেহত শ্যামলী বৰণ
আলফুলে সাৱটি হাজাৰ বিষাদ
সঞ্চাৰিত কৰোঁ নিভাঁজ মৰম
যৌৱনৰ প্ৰথমটো খোজ
সপোনৰ ঢল বয় প্ৰতি ক্ষণত
মই যে শাওনৰ পথাৰ।
হাজাৰজন কৃষকৰ আশাৰ ভঁৰাল
তেজক পানী কৰা কেঁচা-ঘামৰ হেঁপাহ
আৰু গগণ-চুম্বী সপোনৰ দিঠক ।
ৰবিৰ কিৰণে ছাই যেন কৰা
মুখখনিৰ সোণাৰুবুলিয়া হাঁহি
বেলি লহিওৱাৰ দৰেই ৰঙীন হ’ব
লহপহকৈ ঠন ধৰা আশাবোৰ
দৰিদ্ৰতাই কোঙা কৰা প্ৰতিজনক
জীপাল কৰাৰ সপোনে খেদিব অহোৰাত্ৰ
আত্মীয়তাৰ শেষ হাঁহি হৈ খেলিম দুটি ওঁঠত
মই যে শাওনৰ পথাৰ।
ঠিকনা:তিতাবৰ, বৰএৰা