বোকাখাতৰ দুই যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ । চেলুনৰ ব্যৱসায়ৰ সমান্তৰালকৈ চলাই নিছে নিজৰ অধ্যয়ন
দাপোণ জীৱনৰ ৱেব ডেস্কঃ ১১ জুলাইঃ
কোৱা হয় ইচ্ছা থাকিলে বাট ওলায় । দৰিদ্ৰতা কেতিয়াও অধ্যয়নৰ হেঙাৰ হ’ব নোৱাৰে ।ৰাজ্যত নিবনুৱা সমস্যাই জ্বলন্ত ৰূপ ধাৰণ কৰাৰ সময়তে দুজন যুৱকে চেলুনৰ ব্যৱসায়েৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ চলাই নিছে নিজৰ অধ্যয়নো ।বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত বাণিজ্য শাখাৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ বিশাল বৰা আৰু কলা শাখাৰ দ্বিতীয় ষাণ্মাসিকত অধ্যয়ন কৰা
সুভন বৰাই প্ৰাপ্তবয়স্ক হোৱাৰ পৰাই কলেজৰপৰা আহি আবেলিৰ পৰা সন্ধিয়ালৈ নিজে খোলা চেলুনত চুলি কাটি পিতৃ-মাতৃ,ভাই-ভনীক আৰ্থিক সকাহ দিয়াৰ সমান্তৰালকৈ নিজৰ উচ্চ শিক্ষাৰ বাটো মুকলাই ল’বলৈ সক্ষম হৈছে । শাৰীৰিক পৰিশ্ৰম কৰিবলৈ কোনোধৰণৰ লাজ নকৰা আৰু সকলো বৃত্তিকে সন্মানৰ চকুৰে চোৱা যুৱকদ্বয়ে নিতৌ পাঁচশৰ পৰা এহেজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰি সমাজৰ দহজনৰ মনত আশাৰ ৰেঙনি দেখুৱাইছে ।
কৰ্মমুখী নহৈ সততে সংস্থাপন বিচাৰি আন্দোলন কৰা ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতী সকলে চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ সময়তে যুৱক দুজনৰ আৰ্থিক স্বাৱলম্বিতাৰ নিদৰ্শনক ৰাইজে প্ৰশংসা কৰাৰ লগতে উৎসাহিতো কৰিছে ।বিশাল আৰু সুভন নৱপ্ৰজন্মৰ বাবে নিশ্চিতভাৱে এক আদৰ্শ হৈ ৰ’ব । বিশাল আৰু সুভনলৈ আমাৰ ফালৰ পৰা থাকিল শুভেচ্ছা ।