হীৰেন গোহাঁই
নীলিম কুমাৰ
তুমি আমাক চিন্তা শিকাইছা
আমাৰ ভাবনাবোৰক দিছা খোজকঢ়াৰ বাট ।
তুমি আমাক দিছা চিন্তাৰ ভাষা ।
বৈ যাবলৈ তুমি কাৰো অনুমতি নোলোৱা
তুমি প্রায় নিসংগ ।
তোমাৰ হাড়ৰ ভিতৰত আকাশ ,
এটা ৰক্তিম ঘোঁৰাৰ দৰে তুমি বিচৰা জোনাকৰ এখন সাগৰ ,
তৰাৰ কেইটামান বীজ ।
তুমি মানুহৰ এটা সপোনৰ নাম , আমি চাব খোজো তোমাৰ টোপনিৰ দৃশ্য ।
বুলবুলি চৰাইবোবে তোমাৰ খিৰিকীত মুখ থয়
গোধূলি গোপাল হৈ এছাটি বতাহ বৈ থাকে তোমাৰ পদূলিত
তাৰ তলেৰে মানুহ যায় লগ পাবলৈ তোমাক ।
তুমি মানুহক চিন্তা শিকাইছা
তুমি মানুহক শিকাইছা চিন্তাৰ ভাষা
তুমি মানুহৰ দুঃস্বপ্নবোৰৰ শত্রু ।
তুমি বনফবিং এটাৰ দৰে কথা পাতা সেউজীয়াৰ স’তে ,
তোমাৰ ভিতৰত সমুদ্ৰৰ ঢৌবোৰ তুমি ঢৌবোৰ পোহা ।
তুমি হাৰ নমনা এটা প্রতিবাদ ।
তীব্র বৰষুণ আৰু শিলাবৃষ্টিত মানুহৰ মূৰৰ ওপৰত ক্ষত – বিক্ষত তুমি এটি ছাতি ।
তোমাৰ কপালৰ বেখেজত জিলিকে সূর্য ।
তুমি আমাক চিন্তা শিকাইছা
তুমি আমাক শিকাইছা চিন্তাৰ ভাষা
তোমাৰ প্ৰত্যেকটো আঙুলিয়েই কলম
মানুহৰ প্ৰতিটো আঘাতত তোমাৰ উস্ আস্
মানুহৰ হুমুনিয়াহত তোমাৰ আকাশ ক’লা ।
তোমাৰ আখৰবোৰে অত্যাচাৰৰ বতাহত
পাখি কোবাই কোবাই উৰি যায় অকলশৰে
তোমাৰ আখৰবোৰে সেইখন পৃথিৱীৰ কথা কয় যিখন মানুহে হেৰুৱাইছে ।
সেই চৰাইবোৰৰ কথা কয় ইস্পাটৰ মাজত যিবোৰে হেৰুৱালে মাতবোৰ !
ধমকি নৰয় , উজ্জ্বল হৈ হৈ গৈ থাকে তোমাৰ আখৰবোৰ ….
তোমাৰ আঙুলিবোৰ কলম হৃদয়ৰ উচ্চাৰণৰ দৰে তেজাল ।
আমি ঢুকি নাপাওঁ তোমাৰ বিচৰণৰ ঠাল – ঠেঙুলি আমাক পিচ পেলাই তুমি বহুদূৰ পোৱাগৈ
আমি তোমাক পঢ়ো । আমি পঢ়াৰ আগতেই তোমাৰ নতুন পৃষ্ঠা ।
কাহানিও শুব নোৱৰা তুমি এটা পুথিভঁৰাল
কাৰো ঘৰত নোসোমোৱা এজন আত্মীয় তুমি ।
তুমি আমাক চিন্তা শিকাইছা । শিকাইছা চিন্তাৰ ভাষা ।
তুমি আমাৰ এটা মানসিক আস্থান ।
বিশ্ববিদ্যালয়বোৰক মোৰ হীৰেন গোহাঁই বুলি মাতিবৰ মন যায় ।
অকলশৰে উৰি থকা এখন পতাকাক ,
খৰস্রোতা নদীক
আকাশখনক ৰিঙিয়াই থকা সুউচ্চ পাহাৰবোৰক মোৰ হীৰেন গোহাঁই বুলি মাতিবৰ মন যায় ।
কাৰণ এই সকলোবোৰতে মই দেখা পাওঁ তোমাক ।