হাঁহি জীৱনৰ মহৌষধ…
প্ৰস্তুতি দাস
হাঁহি জীৱনৰ ৰং । হাঁহিয়ে জীৱন সুন্দৰ কৰে।দুটি ওঁঠৰ ফাঁকেৰে নিগৰি অহা সুখৰ হাঁহিটিয়ে আমাক উপলব্ধি কৰোৱায়–জীৱন বৰ অনুপম! হাঁহি এটি মধুৰ শব্দ।জীৱনত কিবা এটা পোৱাৰ পিছত হাঁহিৰেই আমি তাক আদৰোঁ কিয়নো প্ৰাপ্তিৰ অন্তৰালতে নিহিত হৈ আছে হাঁহি জীৱনৰ।হাঁহিয়ে জীয়াই থকাৰ সুখ প্ৰদান কৰে।কাৰোবাৰ অকণমান সঁহাৰি-সহানুভূতিয়েও আনৰ ওঁঠত বিৰিঙাই তোলে এমোকোৰা হাঁহি।সুন্দৰ মনৰ গৰাকীৰ এটি মিঠা হাঁহিয়ে কেতিয়াবা অনায়াসে একোটা কাৰ্য সমাধান কৰি দিব পাৰে।হাঁহিয়ে আমাক সকলো দিয়ে সুখ-আনন্দ, প্ৰেম-ভালপোৱা,আশা-আকাংক্ষা,প্ৰতিশ্ৰুতি,বিশ্বাস,অনুপ্ৰেৰণা,সপোন ইত্যাদি। কেতিয়াবা আকৌ এই হাঁহিয়ে আমাৰ বাবে জীয়াই থকাৰ একমাত্ৰ সম্বল হৈ পৰে।দেহ-মনত আনন্দৰ জোৱাৰ তোলে।সাম্প্ৰতিক যুগত সহজ-সৰল হাঁহিমুখৰ অধিকাৰী হৈ থকা ব্যক্তি হয়তো খুব কমেই ওলাব।কিয়নো ব্যস্ততাৰ ধামখুমীয়াত এতিয়া মানুহে হাঁহিব পাহৰিলে।
হাঁহিয়ে মানুহৰ সৌন্দৰ্য বঢ়ায়। এটা বিশাল মনৰ খোলা হাঁহিয়ে সহজতে সকলোৰে মন আকৰ্ষণ কৰে।হাঁহিৰ দ্বাৰাই মানুহৰ মনবোৰ ৰঙিয়াল হয়।চিনাকি বা অচিনাকিয়ে হওক সকলো মানুহকে প্ৰথম সাক্ষাতৰ মুহূৰ্তত এখন হাঁহি মুখেৰে মাত লগালে নিজৰো ভাল লাগে আৰু তেওঁলোকেও মনত সন্তুষ্টি লাভ কৰে।আলহী-অতিথিৰ আপ্যায়নৰ সময়তো হাঁহিয়ে পৰিৱেশটো সুন্দৰ কৰি তোলে।অসুখীয়া ৰোগী এগৰাকীকো পৰিচৰ্যাগৰাকীৰ কথা-বতৰা আৰু হাঁহিয়ে ক্ৰমাৎ সুস্থ-সবল কৰি তোলে।হাঁহিয়ে মানুহক প্ৰেৰণা দিয়ে জীৱনৰ ঘাত-প্ৰতিঘাত নেওচি যাত্ৰা পথত আগুৱাই যাবলৈ আৰু জীৱনটো সুন্দৰকৈ গঢ়ি তুলিবলৈ।
কিন্তু কেতিয়াবা এই হাঁহিয়ে মানুহক উপলুঙা কৰাও দেখা যায়। কোনো বিশিষ্ট ব্যক্তিয়ে কথা কৈ থকাৰ মুহূৰ্তত হঠাৎ সন্মুখৰ জনে হাঁহি দিলে তেতিয়া তেখেতৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা হয়। তেনেদৰে সৰুৰে ডাঙৰৰ আগত হাঁহিলেও জ্যেষ্ঠজনক অপমান কৰা বুজায়।এনে ক্ষেত্ৰত হাঁহিয়ে মানুহক পাতলহে কৰে।গতিকে সঠিক ক্ষেত্ৰত আমি এনেধৰণৰ উপলুঙা কাৰ্য কৰাটো অনুচিত।
হাঁহিয়ে ক্ষন্তেকতে মানুহক আপোন কৰি ল’ব পাৰে। হাঁহি আমাৰ জীৱনশৈলী। হাঁহি স্বাস্থ্যৰ পক্ষেও অতি উপকাৰী।সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ হাঁহিয়ে আমাক সহায় কৰে। দৈনন্দিন জীৱনত হাঁহিৰ প্ৰয়োজনীয়তা আছে। পৃথিৱীৰ প্ৰত্যেকৰে জীৱনত দুখ-কষ্ট থাকে,সেয়েহে সেই দুখ-কষ্টৰ পৰা কিছু সময়ৰ বাবে আঁতৰত থাকি মনটোক সজীৱ কৰিবলৈ আজিকালি ঠায়ে ঠায়ে কিছুমান সংঘই একগোট হৈ হাঁহি সংঘ(Laughing club) গঢ়ি তুলিছে, য’ত যান্ত্ৰিক জীৱনৰ পৰা কিছু সকাহ লাভ কৰিব পাৰি আৰু জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰি।গতিকে যিমান পাৰে হাঁহিবলৈ চেষ্টা কৰক আৰু আনকো হঁহুৱাই জীৱন সুন্দৰ কৰি তোলক।
■■ ■■ ■■ ■■ ■■
লেখিকাৰ ঠিকনাঃ আঁহতগুৰি,মৰিগাঁও ।