নাজানো সদায় দেউতা কিয় পিছ পৰে ?
১) মায়ে ৯ মাহলৈ ধাৰণ কৰে, দেউতাই ২৫ বছৰলৈ কঢ়িয়াই ফুৰে, সেয়ে দুয়োজনেই সমান, তথাপিও বুজিব নোৱাৰো দেউতা কিয় পিছ পৰি ৰয় !
২) পৰিয়ালটোৰ বাবে মায়ে বেতন নলৈও কাম কৰি যায়। দেউতাই বেতনৰ সকলো টকা পৰিয়ালৰ বাবেই খৰছ কৰে, দুয়োজনৰে প্ৰয়াস সমান সমান, কিন্তু বুজি নেপাওঁ দেউতা সদায় কিয় পিছ পৰি ৰয় !
৩) খাবলৈ যিয়েই বিচাৰা মায়ে তাকেই সিজায়, যিয়েই বিচাৰা দেউতাই কিনি আনি দিয়ে, দুয়োৰে মৰম সমান সমান, কিন্তু মাৰ মৰম সবাতকৈ ওপৰত বুলি দেখুওৱা হয়। দেউতা কিয় পিছ পৰি ৰয় !
৪) যেতিয়া তুমি ফোন কৰা, তুমি প্ৰথমেই মাকহে বিচাৰা। দুখ পোৱাও যদি “মা’ বুলিহে চিঞৰা। তোমাৰ যেতিয়া কিহবাৰ প্ৰয়োজন, তেতিয়াহে দেউতাক বিচাৰা, তথাপিও দেউতাই মনত নলয় যে আন সময়ত তুমি তেওঁক মনত নেপেলোৱা। যেতিয়া লৰা ছোৱালীৰ মৰম বিচাৰে, যুগে যুগে, কিয় জানো দেউতাবোৰ সদায় পিছ পৰি ৰয় !
৫) আলমাৰীবোৰ বিভিন্নৰঙী শাৰীৰে ভৰ্তি হয়, লগতে ল’ৰাছোৱালীৰ বিভিন্নৰঙী পোছাক। কিন্তু দেউতাৰ কাপোৰ তেনেই কম থাকে, কাৰণ নিজৰ প্ৰয়োজনৰ বাবে তেওঁৰ আগ্ৰহ নাই। তথাপিও নেজানো সদায় তেওঁ কিয় পিছত ৰয় !
৬) মাৰ সোণৰ অলংকাৰ বহুত, দেউতাৰ মাথোন এটাহে সোণৰ আঙুঠি, সেয়াও তেওঁৰ বিয়াৰ সময়তে পাইছিল। তথাপিও মায়ে ভোৰভোৰায়, কম অলংকাৰ আছে বুলি আৰু দেউতাৰ একো আপত্তি নাই। তথাপিও বুজি নেপাওঁ দেউতা কিয় সদায় পিছত ৰয়।
৭) জীৱনটোৰ সৰহভাগ জুৰি দেউতাই কষ্ট কৰে পৰিয়াল পোহপালৰ বাবে, কিন্তু যেতিয়া স্বীকৃতিৰ কথা আহে, নেজানো কিয় তেওঁ পিছ পৰি ৰয় ।
৮) মায়ে কয়, কলেজৰ ফিজ আমি এইবাৰ দিবৰ হ’ল, এইবাৰ মোক পুজাত কাপোৰ দিব নালাগে কিন্তু দেউতাৰ কিঞ্চিত মনলৈয়ে নাহে তেতিয়া, কোনো নতুন কাপোৰৰ কথা ! তেওঁলোকৰ মৰম সমান কিন্তু নুবুজো সদায়, দেউতা কিয় পিছ পৰে।
৯) যেতিয়া পিতৃমাতৃ বুঢ়া হৈ আহে, সন্তানে কয়, ঘৰৰ কামবন মায়ে আৰু নোৱাৰা হৈ আহিছে, কিন্তু দেউতা… অদৰ্কাৰী।
………………
দেউতা “পিছত” থাকে ( কব পাৰি পাছফালে থাকে)… কাৰণ তেওঁ হ’ল পৰিয়ালটোৰ ৰাজহাড়। তেওঁৰ বাবেই আমি পোন হৈ থাকিব পাৰো। সম্ভৱ, সেয়ে হয়তো তেওঁ “পিছত থাকিবলগা হয়” !!! 😄
( মূল ইংৰাজী চৈয়দ মাহমুদ হাছানৰ সৌজন্যত)
(সংগ্ৰহ)