টাংগুটিবোৰ আছেনে দুহাত ভৰি?
প্ৰস্তুতি দাস
সুখ সুখ বুলি জীৱনৰ সুখবোৰ ল’ৰালিৰ কোলাতে পালোঁ।সিফালে ৰিঙিয়াই মাতিলোঁ সমনীয়াবোৰক, টাংগুটিবোৰ আছেনে দুহাত ভৰি? উৎপতীয়া আচৰণত ভাগৰবোৰ কেনিবা পলায়। ডেউকা মেলি উৰি ফুৰা সময়বোৰ মনত পেলাও। হেঁপাহবোৰ একেই থাকে, সময়ক জুখি চাওঁ। ওহোঁ, সময়ে ৰূপ সলালে পৰিৱৰ্তনৰ অজুহাতত। তাহানিৰ ল’ৰালি আৰু এতিয়া নাই।পখিলাজনী এতিয়াও উৰে, পিছে পিছে খেদিবলৈহে কণমানিহঁতৰ আহৰি নাই। ৰ’ লাগি চাওঁ বাটলৈ, গৰখীয়া বাটৰ ধূলিবোৰ এতিয়া নুৰে। চুবুৰীৰ কোলাহলবোৰেও আমনি নকৰে। নিস্তব্ধতাক সাবটি মগন যান্ত্ৰিক পৃথিৱীত। মাটি-বালিৰে খেলিবলৈ এতিয়া সময় নাই, সময় মাথোঁ প্ৰতিযোগিতাৰ দৌৰত নমা। বিশ্বায়নৰ খোজত খোজ মিলাই এনেকৈয়ে হেৰুৱাইছোঁ জীৱনক উপভোগ কৰাৰ প্ৰকৃত মাদকতাক।
ল’ৰালি সামৰি আজি যৌৱনৰ দুৱাৰদলিত।সপোন কিম্বা জীৱনৰ হাবিয়াসবোৰ পূৰ্ণ কৰাৰ আকাঙ্খাত উটি-ভাঁহি ফুৰিছোঁ জীৱনৰ বাটে-ঘাটে।থমকি নৰও বুলি ভাবিও যান্ত্ৰিকতাৰ কোনোবাখিনিত যেতিয়া উজুটি খাওঁ ; মন-মগজুত বোজা আৰু হৃদয়ৰ দুখবোৰক অনুভৱ কৰোঁ। ল’ৰালিলৈ মনত পেলাও। নষ্টালজিক হৈ পৰোঁ…যদি পুনঃ জী চাব পাৰিলোঁ হয়!
সময়ে এনেকৈয়ে নতুন বাট সলায়। কিন্তু এই নতুনত্বত আমি মনে বিচৰাধৰণে নাপাওঁ। নতুনত্বত হেৰাই যায় নিষ্পাপ মনবোৰ, ল’ৰালিৰ সেই হাঁহিবোৰ য’ত সৰগখন ঢুকি পোৱা যেন লাগিছিল। গাইছিলোঁ-নাচিছিলোঁ নিজৰ আন্দাজমতে,বিভোৰ আছিলোঁ নিজৰ মাজত। ভবাই নাছিলোঁ জীৱনৰ এটা ক্ষণত ল’ৰালিৰ সেই সুখবোৰ হেৰুৱাব লাগিব।আজি যদিও সেই ল’ৰালিৰ সন্ধান কৰোঁ,
নিৰাশ মনেৰে উভতি আহোঁ। মোৰ ল’ৰালি আজিচোন নাই। হেৰুওৱা ল’ৰালিক সোঁৱৰো…।
••• ••• ••• ••• •••
লেখিকাৰ ঠিকনাঃ আঁহতগুৰি ,মৰিগাঁও