পৰীক্ষাৰ ফলাফল আৰু কিছু প্ৰাসংগিক চিন্তা…
♦হিমাংশু ৰণ্জন ভূঞা
এতিয়া পৰীক্ষাৰ ফলাফলৰ বতৰ৷ আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল৷ লগতে অহা অতি কম দিনৰ ভিতৰতে ঘোষণা হ’ব উচ্ছতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল৷ জীৱনৰ এই প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাত যি সকল ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ নিজৰ লগতে পৰিয়াল, নিজৰ অঞ্চলটো তথা সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনিলে সেইসকল কীৰ্তিমান ছাত্ৰ-ছাত্ৰীলৈ আৰম্ভনীতে অকৃত্ৰিম মৰম, স্নেহ আৰু অভিনন্দন জনাইছো৷ লগতে উচ্ছতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকললৈও শুভকামনা জনাইছো৷ জীৱনৰ প্ৰতিটো খোজত যাতে তোমালোক সফল হোৱা এই কামনা কৰিছো৷
কিন্তু এই ফলাফল ঘোষণাৰ সময়ত আন কিছু প্ৰাসংগিক চিন্তাইহে আমাৰ মনত বাৰুকৈয়ে দোলা দি গৈছে৷ আজি আমাৰ ৰাজ্যখনৰ, অসমীয়া জাতিটোৰ এই জটিল সন্ধিক্ষণত আমাৰ ভৱিষ্যতৰ কৰ্ণধাৰস্বৰূপ এই উঠি অহা প্ৰজন্মৰ ভৱিষ্যত জীৱনৰ প্ৰস্তুতি কালৰ এই সময়ছোৱাত তেওঁলোকৰ ভালৰ বাবে কিছুমান দিশ প্ৰতিগৰাকী অভিভাৱক, শিক্ষাগুৰু আৰু আমাৰ সমাজখনে ভাবি ছোৱা ভাল৷ ফলাফল ঘোষণা কৰা বিশেষভাৱে স্থানপ্ৰাপ্ত (ষ্টেণ্ড্ কৰা), ডিষ্টিংচন আৰু ষ্টাৰমাৰ্ক পোৱা বা সামগ্ৰিকভাৱে ভাল ফলাফল, ডিভিজন পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা আমাৰ সমাজখনে, ওচৰ চুবুৰীয়া আৰু অঞ্চলটোৱে বহু আশা কৰে৷ সেইমতে বহুতৰ পৰা পৰৱৰ্তী কালত আশানুৰুপ ফলো পোৱা যায়৷ কিন্তু বহু এনে কীৰ্তিমান সময়ৰ সোঁতত হেৰাই যায়৷ হয়, তেওঁলোকৰ বহুত ডাঙৰ মানুহ হয়৷ চিকিৎসক, অভিযন্তা, প্ৰশাসনিক বিষয়া আৰু বহু উচ্ছপদস্থ পদত চাকৰি কৰে৷ শৈক্ষিক জীৱনৰ সপোন সাৰ্থক কৰে৷ পাছে তেওঁলোকে এই ‘ডাঙৰ মানুহ’ হোৱাৰ পাছত সমাজখনৰ কাৰণে কি কৰে? মানুহৰ কাৰণে কি কৰে? তেওঁলোকৰ সামাজিক অৱদান কি হয়গৈ? নিশ্চিতভাৱে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ কেৱল এটা ভাল উচ্ছপদস্থ চাকৰি কৰিলেই সমাজখনে আশা কৰাবোৰ পাবনে? বহু ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পাছত উচ্ছশিক্ষা গ্ৰহণৰ বাবে দুৰণিলৈ গুছি যায়৷ আজিৰ এই চুড়ান্ত প্ৰতিযোগিতামূলক যুগত নিজৰ ভৱিষ্যতৰ বাবে যাব লগীয়া হয়- এইটো একেবাৰে সঁচা কথা৷ কিন্তু চিন্তণীয় দিশটো হৈছে, তেওঁলোক যে শিক্ষাগ্ৰহণৰ বাবে আঁতৰলৈ ওলাই গ’ল, যি গ’ল গ’লেই, উভতি আৰু নাহিবও পাৰে৷ তেওঁলোকে চহৰৰ অভিজাত শিক্ষানুষ্ঠানত পৰৱৰ্তী উচ্ছশিক্ষা গ্ৰহণ কৰি প্ৰতিটো পৰীক্ষাতে পাৰদৰ্শীতাৰে উত্তীৰ্ণ হৈ এদিন বাহিৰে বাহিৰেই চাকৰি কৰে, আঁতৰৰ নগৰ চহৰতে ঘৰ দুৱাৰ নিমাৰ্ন কৰি প্ৰতিষ্ঠিত হয়৷ নিজৰ ঘৰখনলৈ, গাঁৱলৈ আৰু ঘুৰি নাহে৷ আহিলেও কিবা উৎসৱ-পাৰ্বণ, বিহু-পূজাত আলহীৰ দৰে এদিন বা দুদিনৰ বাবে আহি কৰ্মৰ তাড়নাত পুনৰ উভতি যায়গৈ৷ গাঁৱৰ, পৰিয়ালৰ বা তেওঁলোকক লৈ এদিন সপোন দেখা, আশা কৰা মানুহখিনিৰ কাষত থিয় দিয়াৰ, খবৰ লোৱাৰ সময়েই নাপায়৷ অথাৰ্ৎ আমাৰ মাজৰ পৰা এটা সম্পদ হেৰাই যোৱাৰ উপক্ৰম হয়৷ আকৌ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে – আমি দেখি আহিছো, বহু কীৰ্তিমান ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় ঠিকেই, কিন্তু পৰৱৰ্তী সময়ত সেই ধাৰাবাহিকতা ৰখাত যেন ব্যৰ্থ হয়৷ অৱশ্যে এই ক্ষেত্ৰত বহুকেইটা কাৰকে প্ৰভাৱ পেলাই৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা ষ্টাৰ বা ডিষ্টিংচন পালে বুলিয়েই বিজ্ঞান শাখাতে পঢ়িব লাগিব বুলি বহু অভিভাৱকে ছাত্ৰ-ছাত্ৰীগৰাকীৰ পাৰদৰ্শীতাৰ প্ৰতি গুৰুত্ব নিদি জোৰ কৰি বিজ্ঞান শাখাত পঢ়িবলৈ বাধ্য কৰে৷ হয়তু ছাত্ৰগৰাকী বিজ্ঞানৰ ছাত্ৰ নহয়েই৷ তেনেস্থলত কেৱল এইটো শাখাত পঢ়িলেহে ভাল মানুহ হ’ব পাৰি বুলি এটা ভ্ৰান্ত ধাৰণাৰে ছাত্ৰগৰাকীৰ ভৱিষ্যৎ জীৱনলৈ অন্ধকাৰ নমাই অনা কোনো কাৰণতে যুক্তিসংগত নহয়৷ বহু ছাত্ৰ-ছাত্ৰীয়ে নিজেই নিজকে চিনি নাপাইয়ো, অৰ্থাৎ তেওঁ কি শাখাত পঢ়িলে ভাল হ’ব তাৰ নিশ্বয়তা ঠিৰাং কৰিব নোৱাৰিও এনে ভুল কৰে, ফলত উচ্ছতৰ মাধ্যমিক বা পৰৱৰ্তী পযাৰ্য়ত আশাহত হোৱা দেখা যায়৷ গতিকে ফলাফল ঘোষণাৰ পাছত নিজৰ শৈক্ষিক জীৱনৰ সিদ্ধান্ত লোৱাতো অতি গুৰুত্বপূৰ্ণ বিষয়৷ এইসময়ত হোৱা এটা সৰু ভুলেই যাতে গোটেই জীৱনত প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে ছাত্ৰজনৰ লগতে প্ৰতিগৰাকী অভিভাৱক অন্ত্যন্ত সচেতন হোৱা খুবেই প্ৰয়োজন৷ আকৌ, ছাত্ৰ-ছাত্ৰীৰ এই বয়সটো এটা অতি জটিল বয়স৷ বয়ঃসন্ধি কাল৷ এই বয়সতে জীৱনৰ গতিপথ সলনি হয়৷ তেওঁলোকৰ সন্মূখত ভাল আৰু বেয়া দুয়োটা পথেই মুকলি হৈ থাকে৷ কোনটো পথে গ’লে ভাল হ’ব সিহঁতে ঠিৰাং কৰিব নোৱাৰে৷ ফলত ভাল ল’ৰা বা ছোৱালী এগৰাকীও বিভিন্ন কাৰণত বেয়াৰ দিশলৈ সহজতে গতি কৰে৷ মেট্ৰিকত ভাল ফলাফল দেখুৱালে বুলিয়েই বহু পিতৃ-মাতৃয়ে অপত্য স্নেহত অন্ধ হৈ আগ-পিছ নুগুনি সিহঁতে দাবী কৰা মতেই বাইক, মোবাইল আদি উপহাৰ দিয়ে৷ ভাল ফলাফল কৰিলে বাবেই পিতৃ মাতৃ বা সমাজৰ অন্যান্য সকলেও সিঁহতৰ সন্মূখতে ইমানকৈ প্ৰশংসা কৰে যে সিঁহত জোখতকৈ অধিক আত্মবিশ্বাসী (অভাৰ কনফি্ডেন্ট) হৈ পৰিব পাৰে, ‘মই পঢ়াত চোকায়েই, নপঢ়িলেও পাৰিম’ এইধৰণৰ মানসিকতাই ক্ৰিয়া কৰিব পাৰে, যাৰফলত সিহঁতৰ ভৱিষ্যতত ই বিৰূপ প্ৰতিক্ৰিয়াৰ হে সৃষ্টি কৰাটো খাটাং৷ তাৰোপৰি মাক-দেউতাক বা পৰিয়ালৰ অকনমান অসচেতনতাৰ ফলতেই ছাত্ৰ-ছাত্ৰীসকল বহুতেই বিভিন্ন ৰাগীয়াল দ্ৰব্যৰ কৱলতপৰে৷ ফলত জীৱনলৈ অন্ধকাৰ নামি আহে৷ তাৰোপৰি এই বয়সত বিপৰীত লিংগৰ প্ৰতি হোৱা সহজাত আকৰ্ষণেও শৈক্ষিক দিশত প্ৰভাৱ পেলাই ক্ষতি কৰিব পাৰে৷ গতিকে এই ‘বয়সৰ ভুল’ বোৰেই যাতে সিহঁতক বেয়া পথলৈ নিব নোৱাৰে, তাৰ বাবে সচেতন হ’ব লাগিব প্ৰতিগৰাকী পিতৃ-মাতৃ, অভিভাৱক তথা সমাজৰ জ্যেষ্ঠসকল৷ খুব সচেতনভাৱে, শাসন আৰু মৰম দুয়োটাৰ মাজেৰে, বিশেষকৈ ল’ৰাৰ ক্ষেত্ৰত দেউতাক আৰু ছোৱালীৰ ক্ষেত্ৰত মাকে অতি বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ পথত দিক্-নিণাৰ্য়কৰ ভুমিকাৰে তেওঁলোকক সঠিক পথ দেখুৱাই আগবঢ়াই নিব লাগিব৷ ল’ৰা ছোৱালীৰ ক্ষেত্ৰত অত্যাধিক বেছি শাসন আৰু মৰম দুয়োটাই ক্ষতিকাৰক৷
আমি আজি যিসকলে স্থানলাভ কৰিছে, ষ্টাৰ ডিষ্টিংচন আৰু প্ৰথম বিভাগ পাইছে, সেইসকলৰ খবৰ লৈছো, অভিনন্দন জনাইছো৷ কিন্তু যিসকলে দ্বিতীয় বা তৃতীয় বিভাগ পাইছে আৰু সফলতা অৰ্জন কৰিব নোৱাৰিলে সেই সকলৰ কিমানে খবৰ ৰাখিছো ? আজি দ্বিতীয় বা তৃতীয় বিভাগ পোৱা ছাত্ৰ-ছাত্ৰীসকল বহুতে হয়তু আমাৰ অলপ শুভকামনা, মনোবল আৰু আশীষ পালে পৰৱত¹ পৰীক্ষাত কৃতীত্বৰে উত্তীৰ্ণ হব পাৰিব৷ ইয়াৰ উদাহৰণো নথকা নহয়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বা তৃতীয় বিভাগ পোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে সাহস নেহেৰুৱাই আৰু অধিক একাগ্ৰতা আৰু কষ্টৰে পঢ়ি পৰৱত¹ উচ্ছতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰমাৰ্ক, প্ৰথম বিভাগ বা তাতোকৈও বেছি ভাল ফলাফল দেখুওবলৈ সক্ষম হয়৷ আকৌ উত্তীৰ্ণ হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলক পাহৰি যোৱা কোনো কাৰণতে উচিত নহয়৷ কাৰণ, ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীক জনোৱা অভিনন্দন আৰু শুভকামনাতকৈও অধিক প্ৰয়োজন উত্তীৰ্ণ হ’ব নোৱাৰা সকলৰ কাষত থিয় দিয়াটো৷ তেওঁলোকক মানসিক সাহস যোগোৱাটো৷ তেওঁলোকনো কিয় উত্তীৰ্ণ হ’ব নোৱাৰিলে তাৰ কাৰণসমূহ জানি বুজি তেওঁলোকক উপযুক্ত পথ নিদেৰ্শনাৰে সহায় কৰাটো এই সময়ত নিতান্তই প্ৰয়োজনীয়৷ আৰু সবোৰ্পৰি অতিকে দৰকাৰী কথাটো হ’ল- যিসকলে জীৱনসংগ্ৰামৰ কঠিন পথত আগুৱাই প্ৰচুৰ অধ্যৱসায় আৰু সাধনাৰে এই পৰীক্ষাত জিলিকি উঠিবলৈ সক্ষম হৈছে, সেইসকলক এধানিমান সহায়ৰ হাত আগবঢ়োৱাতো ৷ এয়া অতি প্ৰয়োজনীয় আৰু শুভ কাম৷ আমাৰ সমাজৰ বহুসংখ্যক অতি দ্ৰৰিদ্ৰ ঘৰৰ সন্তানে নিজৰ মেধা আৰু প্ৰতিভাৰে এই পৰীক্ষাত স্থান লাভ কৰিছে, ষ্টাৰ, ডিষ্টিংচন পাইছে, ভাল ফলাফল দেখুৱাইছে৷ বহু দিনহাজিৰা কৰা লোক, মিস্ত্ৰী, ৰিক্সাচালক, ঠেলাচালকৰ সন্তান প্ৰতিবছৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে৷ কোনোৱে নাঙলৰ শীৰলুত মানুহ হোৱাৰ সপোন ৰচিছে, কাৰোবাৰ পঢ়া শুনা কৰিবলৈ ঘৰত এখন টেবুল, এখন চকীৰো অভাৱ, বিচনাত বহি পঢ়িয়েই সাফল্য অৰ্জন কৰিছে, কোনোৱে চাকিৰ পোহৰত পঢ়িও আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ তেওঁলোক আমাৰ উঠি অহা প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস৷ তেওঁলোকক আমাৰ অকনমান আৰ্থিক সহায়ে আগবাঢ়ি যোৱাত বহু সহায় কৰিব পাৰে৷ আমি পৰাসকলে, আন নহলেও প্ৰতিগৰাকীয়ে অন্তঃত যদি আমাৰ অঞ্চলটোৰ তেনে অৰ্থনৈতিকভাৱে অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰী এগৰাকী বা দুগৰাকীক কিছু পৰিমানে সহায় কৰিবলৈ আগবাঢ়ি আহো, শৈক্ষিক জীৱনত প্ৰয়োজনীয় কিতাপ-বহী, নামভৰ্তিকৰণৰ বাবে প্ৰয়োজনীয় কিছু টকা-পইছা দি সহায় কৰিব পাৰো, তাতকৈ ভাল কথা আৰু একো নহ’ব৷ গুণ নহ’লেও ধৰ্ম হ’ব৷ এয়া সহায় কৰোতাজনৰ আন এক মানসিক সন্তুস্তিৰ কাৰণ হ’ব৷ এক অনুকৰণীয় আৰ্হি হ’ব আজিৰ যান্ত্ৰিক সমাজখনৰ বাবে৷ আমাৰ এই ক্ষুদ্ৰ সহায়েই তেনে দ্ৰৰিদ্ৰ অথচ মেধাৱী, প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন সলনি কৰি দিব পাৰে৷ এই দিশসমূহ সচেতনসকলে ভাবি ছোৱাতো অতি প্ৰয়োজন৷
আজি সময়ৰ লগে লগে আমাৰ উঠি অহা প্ৰজন্মক ইমানেই বস্তুবাদী আৰু আত্মকেন্দ্ৰীক হৈ গঢ়ি উঠিছে যে, সকলোৱে কেৱল নম্বৰকেন্দ্ৰীক প্ৰতিযোগীতাৰ নিগনি দৌৰত নিজকে হেৰুৱাই পেলাইছে৷ এটা উচ্চ ডিগ্ৰী, ডিপ্লোমা, এখন ভাল চাৰ্টিফিকেট, এটা ভাল উচ্চ পদস্থ চাকৰি – এইবোৰৰ সপোনে আন সকলো দিশ পাহৰাই পেলাইছে৷ পাঠ্যপুথিৰ সীমিত জ্ঞানেৰে এগৰাকী ভাল মানুহ কেতিয়াও হ’ব নোৱাৰি৷ তাৰ সমান্তৰালভাৱে প্ৰয়োজন সমাজৰ, দেশখনৰ, ৰাজ্যখনৰ আৰু নিজৰ অঞ্চলটোৰ প্ৰতিটো দিশৰ যথাযথজ্ঞান অৰ্জন কৰাটো৷ কাৰণ সংশ্লিষ্ট সকলোৱে এটা কথা মনত ৰখা ভাল যে অনাগত সময়ৰ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ পাঠ্যপুথিকেন্দ্ৰীকজ্ঞানৰ লগতে অন্যান্য বহু দিশৰ সাধাৰণজ্ঞান, অসম সম্পৰ্কীয়, জাতিটোৰ বিভিন্ন দিশৰ বিষয়ে যথাযথজ্ঞান থাকিব লাগিব৷ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত এইবোৰ প্ৰাসংগিক বিষয় সম্পক¹য় বিভিন্ন প্ৰশ্নৰ মূখামুখি হ’ব লাগিব৷ গতিকে সৰুৰে পৰাই এই দিশসমূহ সম্পৰ্কে সচেতন হোৱা অতি প্ৰয়োজন৷ তাৰোপৰি, আজি নতুন প্ৰজন্মৰ অধিক সংখ্যকেই নম্ৰতা, ভদ্ৰতা, শিষ্টাচাৰ, সজ আচাৰ-ব্যৱহাৰ আদি ভালগুণ সমূহ যিধৰণে আয়ত্ব কৰিব লাগে, কৰিব পৰা নাই৷ সৎ চৰিত্ৰৱান, আদৰ্শবান, নিজৰ জাতিটোক, সমাজখনক, দেশখনক ভাল পাব পৰা, মানুহক ভাল পাব পৰা এজন প্ৰকৃতাৰ্থত ‘ভাল মানুহ’, সুনাগৰিক হিচাপে নিজক গঢ়াৰ বাবে আজিৰ প্ৰজন্মৰ যেন আজৰি নাই৷ আমি আমাৰ সন্তানসকলক একো-একোটা টকা ঘটা মেচিন হিচাপেহে গঢ়ি তুলিব খুজিছো যাৰ ফলত জাতিটোৰ বাবে, সমাজখনৰ বাবে, দেশৰ বাবে, দহৰ বাবে তেওঁলোকৰ কিবা কৰণীয় আছে, সেয়া ভাবি ছোৱাৰ সময় নহয়গৈ৷ সেইবাবেই পৰিশেষত, জীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাটিত সফলতাৰে উত্তীৰ্ণ হোৱা এই সকল কীৰ্তিমানৰ পৰা এটাই আশা কৰিছো, অনাগত সময়ত তোমালোক চিকিৎসক, অভিযন্তা, প্ৰশাসনিক বিষয়া যিয়েই নোহোৱা তাৰ সমান্তৰালকৈ মানুহক ভালপোৱা, সমাজখনক, নিজৰ জাতি – মাটি, কৃষ্টি – সংস্কৃতিক ভালপোৱা একো – একোগৰাকী নিকামনৰ, নিভাঁজ ‘ভাল মানুহ’, সুনাগৰিক হিচাপে প্ৰতিষ্ঠা লাভৰ বাবে পণ লোৱা৷ সমাজখনে তোমালোকলৈ অধীৰ আশাৰে বাট চাই আছে৷