ৰঙৰ উৎসৱ হোলী বা ফাঁকুৱাঃ এক তথ্য ভিত্তিক পৰ্যালোচনা আৰু ইয়াৰ প্ৰাসংগিকতা
♦তাহেৰউদ্দিন আহমেদ
জালুকবাৰী, গুৱাহাটী-৭৮১০১৩
ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে যেতিয়া আদিম মানৱ সমাজত প্ৰকৃতিৰ আশ্বৰ্যজনক ঘটনা/ পৰিঘটটনাবোৰ সংঘটিত হৈছিল, তেতিয়া মানুহৰ মনত ভয় আৰু শংকাৰ উদ্ভৱ হৈছিল৷ যাৰ পলত হয়তো মানুহে পৰিত্ৰাণৰ উপায় বিচাৰি ভয় আৰু শংকা নিবাৰণৰ বাবে মনলৈ আহিছিল এক অদৃশ্য শক্তিৰ ভক্তিভাৱ৷ সেই ভক্তিভাৱৰ পাছতেই মনত আশ্ৰয় লৈছিল বিশ্বাস আৰু লগতে প্ৰাকৃতিক পৰিঘটনা আৰু জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন ধৰণৰ ক্ৰিয়া-কাণ্ডৰ ফলত সৃষ্টি হৈছিল ধৰ্ম আৰু সামাজিক ভাৱে পালন কৰিছিল বিভিন্ন ধাৰ্মিক নিয়ম প্ৰণালী৷ এটা সময়ত মানুহৰ মনত সৃষ্টি হোৱা এনে ক্ৰিয়া-কাণ্ডই সৃষ্টি কৰিছিল বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ধৰ্মীয় অনুপ্ৰেৰণাৰ, যাক কোৱা হয় উৎসৱ৷ সেই উৎসৱবোৰ আছিল প্ৰাকৃতিক সময় সাপেক্ষ আৰু চন্দ্ৰ-সূৰ্যৰ ওপৰত নিৰ্ভৰ কৰা তিথি সমৃদ্ধ৷
হিন্দু ধৰ্মালম্বী লোকসকলে ফাগুণ বা চ’ত মাহৰ পূৰ্ণিমা তিথিত যিটো উৎসৱ উদযাপন কৰে সেই উৎসৱটিক ৰঙৰ উৎসৱ বা ফাঁকুৱা উৎসৱ বুলি কোৱা হয়৷ ঠাই বিশেষে এই ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে পালন কৰা দেখা যায় আৰু এই উৎসৱটিক পুৰণি উৎসৱবোৰৰ ভিতৰত অন্যতম বুলি বিবেচনা কৰা হয়৷ হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।
দৌল উৎসৱৰ তাৎপৰ্য:
পদ্ম পুৰাণত পৰমেশ্বৰে পাৰ্বতীক কৈছে যে হে সুন্দৰী, চ’ত মাহৰ শুক্লপক্ষত বিশেষকৈ একাদশী তিথিত গোবিন্দক দোলাত স্থাপন কৰি পূজা কৰিব লাগে।
বিষ্ণুং দোলাস্থিতং দৃষ্ট্বা ত্ৰৈলোক্য স্বোৎসৱো ভৱেৎ ।
তস্মাৎ কাৰ্যশতং ত্যক্ত্বা দোলাহে উৎসৱং কুৰু ।।
অৰ্থাৎ সকলো কাম এৰি দোলৰ দিনা উৎসৱ কৰা কিয়নো দোলাত থকা বিষ্ণুক দেখিলে ত্ৰিজগতৰে উৎসৱ হয়। ভগৱান শ্ৰীকৃষ্ণৰ এই দোলনৰ কল্পনাৰ লগত বিষ্ণুৰ দোলন জড়িত। এই সময় চোৱাত কৰ্কট ক্ৰান্তিৰ পৰা মকৰ ক্ৰান্তিলৈ অৰ্থাৎ মেষ বা মহাবিষুৱ সংক্ৰান্তিৰ পৰা তুলা বা জলবিষুৱ সংক্ৰান্তিলৈ দোলন হয় আৰু বিষ্ণুৰ এনে দোলনৰ কল্পনা দৌল উৎসৱৰ মাজেৰে প্ৰকাশ পাইছে বুলি ভক্ত সকলে বিবেচনা কৰি আহিছে।
আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ ভগ্নী হোলিকাক পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ নিৰ্দেশ দিছিল। হোলিকাই হিৰণ্যকশিপুৰক মাৰিবলৈ লওতেই নিজৰ শৰীৰৰ জুইৰে নিজেই ভষ্মীভূত হৈছিল৷ হোলিকাই মৃত্যুৰ আগমূহূৰ্তত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে আৰু প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব মানুহে বিশ্বাস কৰে আৰু বিভিন্ন ঠাইত ফাঁকুৱাৰ আগদিনাখন হোলিকাক অপশক্তি বুলি বিবেচনা কৰি দাহ কৰা হয় এই হোলী উৎসৱতেই।
এক তথ্য অনুসৰি অসমত দৌল উৎসৱৰ পাতনি মেলিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ বৰদোৱাত৷ ইয়াৰ উপৰিও বৈকুণ্ঠপুৰী বৰপেটা ধামত এই উৎসৱ পালন কৰা হৈছিল বহুত ধূম-ধামেৰে৷ বৰ্তমানেও পৰম্পৰাগতভাৱে জাকজমকতা এই উৎসৱ পালন কৰি থকা হৈছে সমগ্ৰ অসম ভূমিত৷ ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ এক যুগান্তকাৰী উদাহৰণ হ’ল বৰপেটাৰ দৌল উৎসৱ। বৰপেটাত দৌলোত্সৱ তিনিৰ পৰা পাঁচদিনলৈকে পালন কৰা হয়৷ আন বহু তথ্য এই হোলী উৎসৱৰ লগত যেনে শংখচূড়ৰ কাহিনী, জগন্নাথ-ঘুনুচা, ৰাধা-কৃষ্ণ, মেষদাহ আদিৰ কথা জড়িত হৈ আছে।
দৌল উৎসৱ ৰং আৰু আনন্দৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ :
ভগৱান শ্ৰীকৃষ্ণ হ’ল ভাৰতীয় ধৰ্ম-দৰ্শনৰ মূল আধাৰ আৰু তেওঁৰ লীলাসমুহ জনসমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দৌল উৎসৱ পালন কৰা হয় বুলু ক’ব পাৰি। ভক্তবৃন্দই কৃষ্ণভক্তিৰ জৰিয়তে পৰমাত্মাৰ লগত লীন হৈ এখন আধ্যাত্মিক চিন্তা-চেতনাৰ আদৰ্শ সমাজ গঢ়াৰ বাবে ৰং-ৰহইচৰ মাজেৰে ঐক্য-সংহতি অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰা হয় প্ৰতি বছৰেই এই দৌল উৎসৱৰ মাজেৰেই। দৌল উৎসৱত মানুহৰ মন ৰং আৰু আনন্দৰে ভৰি পৰে। ধনী-দুখীয়া, উচ্চ-নীচ, জাতি-ধৰ্ম মনোভাৱ পাহৰি ফাকুৱাৰ ৰঙৰ আনন্দত মতলীয়া হৈ পৰে কিশোৰ-কিশৰী, ডেকা-আদহীয়া, বৃদ্ধ-আৱাল বনিতা। হোলী উৎসৱৰ সময় চোৱাত সকলোৱে নিজৰ নিজৰ ব্যক্তিগত জীৱনৰ দুখ-বেদনা, অভাৱ-অভিযোগ-ক্লেশ পাহৰি ৰঙৰ আবীৰ সানি মন-প্ৰাণ জীপাল হৈ উঠে, মনটো আনন্দত নাচি উঠে। যেনেকৈ বসন্তকালৰ আৰম্ভণীৰ লগে লগেই গছ-লতা-তৰু-তৃণে নতুন নতুন কুঁহিপাত মেলে। ফাগুনৰ পছোৱাই আচল উৰুৱাই মানুহৰ মন-প্ৰাণ আৰু হৃদয়ত এক জীপাল শিহৰণ জাগ্ৰত কৰি তোলে। আনহাতে লোকবিশ্বাসৰ ফালৰ পৰা এই হোলীৰ উৎসৱৰ মূল উদ্দেশ্য হৈছে মানুহ, জীৱ-জন্তুৰ, গছ-লতাৰ উৰ্বৰতা বৃদ্ধি কৰা।
হোলী উৎসৱৰ প্ৰাসংগিকতা:
হোলী উৎসৱৰ মূল অৱদান হৈছে ফাকুগুড়ি আৰু হোলী গীত। ফাকুগুড়ি আৰু হোলী গীত নহলে এই উৎসৱৰ মাদকতা বিচাৰি পোৱা নাযায়৷ ইয়াৰ উপৰিও ফাকুগুড়িবোৰ প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় প্ৰকৃতিৰ পৰাই৷ বিশেষকৈ মদাৰ, পলাশ, শিমলু, পুৰৈ শাকৰ গুটি, জেতুকা, হালধি গুড়ি আদিৰে তৈয়াৰী ফাকুগুড়িহে উৎকৃষ্ট বুলি ধৰি লোৱা হয়।
“ আমি হোলী খেলো
মহানন্দে মনে
প্ৰাণে প্ৰাণে নাচে মধু
প্ৰেম শিহৰণে।“
ইয়াৰ উপৰিও হোলীগীতৰ প্ৰথম সৃষ্টিকৰ্ত্তা আছিল শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ৷ তথ্য অনুসৰি মহাপুৰুষ শংকৰদেৱে হেনো প্ৰথম দৌল উৎসৱ পাতোতে সাতটা দৌলৰ গীত লিখি গায়ন-বায়নৰ থুল এটা কৰি ৰাগ-তাল-মান দি গাবলৈ শিকাইছিল৷ তেতিয়াৰ পৰাই হোলী গীতসমুহৰ লগত বাদ্য-যন্ত্ৰ যেনে খোল-তালৰ উপৰিও ঢোলক, মঞ্জিৰা, খুটিতাল আৰু বাঁহী ব্যৱহাৰ কৰা হয়৷ ইয়াৰ উপৰিও বহুকেইজন গীতিকাৰ, শিল্পী আৰু সাহিত্যিকে হোলীগীত ৰচনা কৰিছে অসমীয়া সাহিত্যৰ উত্তোৰণৰ লগতে সাহিত্যৰ ভঢ়াল ছহকী কৰি ৰাখিছে৷
ব্যৱহাৰিক আৰু আধ্যাত্মিক দিশৰ পৰা চাবলৈ গ’লে এই উৎসৱসমুহে গভীৰ তত্ত্ব আৰু তাৎপৰ্য বহন কৰি আহিছে৷ অৰ্থাৎ মানুহৰ মাজত জাগ্ৰত হৈ থকা লোভ-মোহ-কাম-বাসনা আদি ঘৃণনীয় ৰিপুক নিজৰ অন্তৰতে দহন কৰি একান্তমনে পৰম পুৰুষ ভগৱন্তৰ শ্ৰীচৰণত মন প্ৰাণ সমৰ্পণ কৰাৰ উপযুক্ত আধ্যাত্মিক বিশ্লেষণ। অৰ্থাৎ ষড়ৰিপু দুস্কৃতিক বিনাশ কৰাৰ এক উপযুক্ত ধাৰ্মিক ব্যৱস্থা।
দৌল উৎসৱ হৈছে ৰং আৰু আনন্দৰ উৎসৱ। সম্প্ৰীতিৰ এক মহান উৎসৱ। ভাৰতীয় লোককৃষ্টি, ধৰ্মীয় পৰম্পৰা, সভ্যত-সংস্কৃতি জড়িত হৈ আছে৷ প্ৰতিজন ভাৰতীয়ই সমাজৰ লোক-বৈচিত্ৰ্যৰ মাজেৰে এই দৌল উৎসৱ উদযাপন কৰি আহিছে ইতিহাসে ধুকি নপোৱাৰ পৰাই৷