“ভাৰতৰ নাইটিংগেল” গৰাকীলৈ জন্মদিৱসৰ শ্ৰদ্ধাঞ্জলি জনাই সমাজ তথা সাহিত্যলৈ তেখেতৰ অৱদানৰ কিছু কথা ..
♦অঞ্জলী বৰদলৈ
সৰোজনী নাইডু ১৮৭৯ চনৰ ১৩ ফেব্ৰুৱাৰীত ভাৰতৰ হায়দৰাবাদ চহৰৰ এটা হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ অঘৰনাথ চট্টোপাধ্যায় আছিল এগৰাকী বিজ্ঞানী তথা দাৰ্শনিক। মাতৃ বৰদা সুন্দৰী দেৱী আছিল এগৰাকী প্ৰখ্যাত বঙালী কবি। সৰোজনী নাইডুৱে অনুভৱ কৰিছিল যে তেওঁ ভাৰতীয় হিচাপে ডাঙৰ হৈছে, হিন্দু অথবা ব্ৰাহ্মণ হিচাপে নহয়।
১৯০৫ চনত বংগ বিভাজনৰ সময়ত সৰোজনীয়ে ভাৰতীয় জাতীয় আন্দোলনত যোগদান কৰে। সেই সময়ত তেখেত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, মহম্মদ আলী জিন্না, ৰবীন্দ্ৰনাথ ঠাকুৰ, গোপাল কৃষ্ণ গোখলে, এনি বেচাণ্ট ইত্যাদিৰ সংস্প্শলৈ আহে।
১৯২৫ চনত কাণপুৰৰ ভাৰতীয় কংগ্ৰেছৰ বছেৰেকীয়া অধিবেশনত নাইডুৱে সভপতিত্ব কৰিছিল । তেখেতে আইন অমান্য আন্দোলনত মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু গান্ধীজী তথা অন্যান্য প্ৰতিনিধিসকলৰ সৈতে কাৰাগাৰৰ বন্দীত্ব গ্ৰহণ কৰে।
১৯৪২ চনত তেখেতে ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰি গান্ধীজীৰ সৈতে ২১ মাহ কাৰাবাস খাটে। প্লেগ মহামাৰীৰ সময়ত এইগৰাকী মহীয়সী নাৰীৰ সেৱাসুলভ অংশগ্ৰহণৰ বাবে ‘ কেশইব-ই- হিন্দ’ সন্মান প্ৰদান কৰা হয়। দেশে স্বাধীনতা লাভ কৰাৰ পাছত তেখেত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিয়োজিত হয়। তেখেত আছিল দেশৰ প্ৰথম মহিলা ৰাজ্যপাল।
সৰোজনী নাইডুৰ কবিতাত শব্দৰ সুন্দৰ প্ৰয়োগ দেখা যায়। মহৰ্ষি অৰবিন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু আদি তেখেতৰ কবিতাত গুণমুগ্ধ । গোপাল কৃষ্ণ গোখলেই তেখেতৰ সুন্দৰ কাব্য প্ৰতিভাক ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছিল।
সৰোজনী নাইডুৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহ হ’ল :
১) Golden Threshold
২) The Bird of Times
৩) The Broken Wings
৪) The Magic Tree
৫) The Wizard Mark
৬) A treasury of poems
১৯০৫ চনত প্ৰকাশিত Golden Threshold ৰ বাবে তেখেতে ‘ বুল বোলে হিন্দ ‘ নামেৰে সন্মানিত হয়।
১৯৪৯ চনৰ ২ মাৰ্চত এইগৰাকী মহান ব্যক্তিৰ মহপ্ৰয়াণ ঘটে। মনে- প্ৰাণে ভাৰতীয় সৰোজনী নাইডু সমগ্ৰ নাৰী সমাজৰ গৌৰৱ।