ব্যক্তিৰ সম্পৰ্ক, সম্বন্ধ আৰু সামাজিক আন্তঃক্ৰিয়া
♦আবিদ আলী
বিবাহে পুৰুষ আৰু মহিলা দুয়োজনক সামাজিক সম্বন্ধৰে নতুন জীৱনৰ যাত্ৰা দিয়ে।লগে লগে দুয়োজনৰ মাজত সামাজিক দায়িত্ব বহুখিনি বিবাহৰ আগতকৈ সলনি হৈ পৰে। পৃথিৱীত এনে কোনো সমাজ নাই য’ত পৰিয়াল নাই। পৰিয়ালেই হ’ল সমাজৰ প্ৰাথমিক গোট। দুটা পৰিয়ালৰ মাজত বিবাহে আন্তঃসম্পৰ্ক সৃষ্টি কৰে। এই আন্তঃসম্পৰ্ক অবিহনেও বৈবাহিক সম্পৰ্ক বা ব্যক্তিগত সম্বন্ধ চলি থাকিব পাৰে।
বিবাহে কেৱল সম্পৰ্কই নহয় সম্বন্ধও সৃষ্টি কৰে। প্ৰেম হ’ল সম্পৰ্ক ( connection) আৰু বিবাহ হ’ল এটা সম্বন্ধ (Relation) ।
যেতিয়া দাম্পত্য জীৱনৰ সম্পৰ্কই সামাজিক জীৱনৰ সৈতে ক্ৰিয়া কৰে তেতিয়া জীৱনৰ সম্বন্ধবোৰৰ পৰিসৰ ব্যাপক হৈ পৰে। বিবাহৰ পূৰ্ব সম্পৰ্কৰ দৰে বিবাহৰ পিছৰ সম্পৰ্কবোৰ একে নাথাকে কাৰণ ই সম্বন্ধত পৰিণত হয়।
স্বামী-স্ত্ৰীৰ ৰুচি, অভিপ্ৰায়, চিন্তা-দৰ্শন ব্যক্তিগত জীৱনত বেলেগ হ’ব পাৰে,কিন্তু সামাজিক জীৱনত সকলোবোৰ প্ৰয়োজন (Need) আৰু ক্ৰিয়া- প্ৰতিক্ৰিয়া (action-reaction) একেই থাকে।
এজন স্বামী-স্ত্ৰীৱে উভয়ে সম্পৰ্ক বজাই ৰক্ষাৰ ক্ষেত্ৰত চেষ্টা কৰে। এইক্ষেত্ৰত সকলোৰে নিজা নিজা বেলেগ বেলেগ উপায় থাকে। পত্নীয়ে পুৰুষজনৰ পৰা মৰম-ভালপোৱা, প্ৰেৰণা, নিৰাপত্তা আৰু দায়িত্বশীলতা বিচাৰে,সেইদৰে পুৰুষজনেও বিচাৰে মৰম-ভালপোৱা,প্ৰেৰণা আৰু সামাজিক দায়িত্বতা। সামাজিক জীৱনৰ গতিবিধিৰ সৈতে মহিলা সকলৰ মুখামুখি সম্পৰ্ক আৰু ক্ৰিয়া থাকে যদিওঁ পুৰুৰ সকলৰ বেছি থাকে।গতিকে স্বামী বা পত্নীৰ সামাজিক দায়িত্ব বহু খিনি আহি পৰে। এই দায়িত্ব খিনিয়ে যাতে স্বামীজনৰ বা স্ত্ৰীগৰাকীৰ সামাজিক দায়িত্ব আৰু সামাজিক সম্পৰ্ক খিনি কম নকৰে আৰু বজাই ৰাখে তাৰ গুৰুত্ব দুয়োজনেই দিব লগা পৰিস্থিতি আহি পৰে। বিবাহৰ আগৰ সময়ছোৱাত এইখিনি পৰিস্থিতি নাথাকে আৰু প্ৰয়োগ নহয়। কাৰণ বিবাহৰ আগছোৱাত মহিলা গৰাকী কাৰোৱাৰ জীয়ৰী আৰু পুৰুষজন কাৰোৱাৰ সন্তান। বিবাহৰ পিছত প্ৰাথমিক ভাৱে মহিলা গৰাকী কাৰোৱাৰ পত্নী আৰু পিছলৈ মাতৃ; পুৰুষ জন কাৰোৱাৰ পুত্ৰৰ লগতে কাৰোৱাৰ স্বামী আৰু পিছলৈ পিতৃ হয়। সামাজিক জীৱনত বিবাহৰ পিছত পুৰুষ-মহিলাৰ প্ৰস্থিতি ভিন্ন ভিন্ন ৰূপত থাকে আৰু ভূমিকাও ভিন্ন ভিন্ন।কোৱা হয় এজনী মহিলাই সমাজখনত জীয়ৰী, মাতৃ, বোৱাৰী, আইতাৰ ইত্যাদিৰ ভূমিকাৰ লগতে কৰ্মজীৱনৰো সামাজিক দায়িত্ব আৰু ভূমিকা থাকে। এইদৰে পুৰুষজনৰ কিছু পৰিসৰ ব্যাপক থাকে।
প্ৰেমিক-প্ৰেমিকা আৰু স্বামী-স্ত্ৰী সম্পৰ্ক টো ২ বা ৩ ঘণ্টা চিনেমাৰ দৰে নহয়। কিছুমান বিশেষ মূহূৰ্তক ঘাট-প্ৰতিঘাট, আমোদ-উত্তেজনা, প্ৰেম-ৰোমাঞ্চ, দৰ্শন-নীতি ইত্যাদিবোৰ উপস্থাপন কৰি ২ / ৩ ঘণ্টা চিনেমাই দৰ্শকৰ সন্মুখ পায়। এইবোৰৰ ব্যৱহাৰিক চাহিদা থাকে। জীৱনটো ২/ ৩ ঘণ্টাৰ বাচি বাচি দেখুৱা কথাছবি চিনেমাৰ দৰে নহয়। জীৱনৰ লগত সামাজিক দাপোন থাকে,যাক সমাজখনে নিৰ্ণয় কৰে, দুজনৰ সম্পৰ্ক যেতিয়া সমাজে সম্বন্ধ নাম দিব পাৰে,তেনেকৈ সমাজে গঢ়িবওঁ পাৰে ভাঙিবওঁ পাৰে। জীৱনত ঘাট-প্ৰতিঘাত থাকেই। প্ৰয়োজন আৰু শৈলীক মানদণ্ড; জ্ঞান আৰু চৰ্চা; চিন্তা আৰু অচিন্তা; আশা আৰু নিৰাশা; সত্য আৰু সত্যতা; শ্ৰম আৰু শ্ৰমিক ; সফলতা আৰু বিফলতা ; ধৰ্ম আৰু কৰ্ম -এই সসমষ্টিবোৰে সংগ্ৰামৰ সৃষ্টি কৰে। এই সংগ্ৰাম ই ব্যক্তিৰ পৰা এহাল দাম্পতিলৈকে আৰু এটা সৰু-ডাঙৰ পৰিয়ালৰ পৰা সমাজলৈকে চলি থাকে।
সুখ বা সুখী এনে এটা ধাৰণা যিটো মনোবিজ্ঞানে আলোচনা কৰিবলৈ মানসিক আৰু শাৰীৰিক দুয়োটা দিশক অধ্যয়ন কৰিব লাগিব। এটা দিশক এৰি ইয়াক অধ্যয়ন কৰাটো অসম্ভৱ। ইয়াৰ অনুপাতে সুখ বা সুখী ব্যক্তি জীৱনৰ সামাজিক দিশটোকো আলোচনা কৰিব লাগিব। ইয়াৰ পিছতহে প্ৰকৃত সুখ বা সুখী জনৰ বিষয়ে জানিব পাৰিব। তাকো ই সাৰ্বজনিক বা বিজ্ঞান সন্মত নহব। মানুহ সামাজিক প্ৰাণী আৰু প্ৰগতিশীল। ব্যক্তিৰ ব্যক্তিগত চিন্তাই সুত্ৰ উলিয়াই সুত্ৰৰ সুফল সমাজে লাভ কৰিলেহে সেই চিন্তা বা ভাৱৰ প্ৰমূল্য থাকিব। চিন্তাবোৰ কৰোৱাৰ বা ক’ৰবাৰ নকল হলে প্ৰকাশ হব পাৰে,চাহিদা থাকিব পাৰে কিন্তু বাস্তৱ জীৱনত বা জীৱনৰ প্ৰকৃত স্বৰূপ হ’ব নোৱাৰে।
সম্পৰ্কৰ বাবে কোৱা হয় হৃদয়ৰ প্ৰয়োজন, সেই হৃদয়ৰ বাবে সুস্থ চিন্তাৰ প্ৰয়োজন আৰু এই সুস্থ চিন্তা বোৰ নকলৰ দ্বাৰা সৃষ্টি হ’ব নোৱাৰে। ইয়াকে সমাজে ব্যক্তি জীৱনত সামগ্ৰিক ভাৱে পৰিৱেশ আৰু বিভিন্ন আন্তঃক্ৰিয়া আৰু আন্তঃসম্পৰ্কৰ পৰা দিয়ে।